খাদ্যভাৰত

বজাৰত ওলাইছে ২ কেজি ওজনৰ সোণৰ ম’ম’, ম’ম’ খাবলৈ ৰেষ্টুৰেন্টত এতিয়া ভিৰ কৰিছে গ্ৰাহকে…

ভাৰতত জনপ্ৰিয় খাদ্যবোৰ সোণেৰে সজোৱাটো কোনো নতুন কথা নহয়। কিয়নো ভাৰতত পাণ, মিঠাই সজাবলৈও ব্যৱহাৰ কৰা হয় সোণ

আপুনি ম’ম’ খাই ভাল পায়নে? ভেজ, চিকেন, পৰ্ক মম খাই আপুনিও হয়তো ভাল পায়! কিন্তু জীৱনত কেতিয়াবা হ’লেও আপুনি ২ কেজি. ওজনৰ সোণৰ ম’ম’ খাই পাইছেনে?

নিশ্চয় আপুনি ইমান ডাঙৰ ম’ম’ খাই নাই পোৱা। কিন্তু মুম্বাইত ওলাইছে এই ম’ম’। মুম্বাইৰ মেছী আড্ডা(Messy Adda)ত প্ৰস্তুত কৰা এই ম’ম’ৰ নাম হৈছে-বাহুবলী গ’ল্ড ম’ম’। বিভিন্ন পাচলিৰে পূৰ্ণ এই ম’ম’ত আছে Mozerella cheese আৰু ২৪ কেৰেট গ’ল্ড। ২ কিগ্ৰা. ওজনৰ এই ম’ম’ৰ সৈতে গ্ৰাহকক দিয়া হয় কমলাৰ পানীয়, দুটা চকলেট ম’ম’, তিনিটা ভিন্ন স্বাদৰ চাটনি।

এই ম’ম’ৰ মূল্য গম পালে আপুনিও আচৰিত হ’ব, কিয়নো এই বাহুবলী গ’ল্ড ম’ম’ৰ মূল্য হৈছে ১২৯৯ টকা।

অৱশ্যে, ভাৰতত জনপ্ৰিয় খাদ্যবোৰ সোণেৰে সজোৱাটো কোনো নতুন কথা নহয়। কিয়নো ভাৰতত পাণ, মিঠাই সজাবলৈও ব্যৱহাৰ কৰা হয় সোণ।

মুম্বাইত উপলব্ধ এই বাহুবলী গ’ল্ড ম’ম’ৰ ফটো ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে ফটো চাই আমোদ লৈছে সকলোৱে। বহুতেই এই ম’ম’ খাবলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও বহুতেই আকৌ এয়া টকাৰ অপচয় বুলিও মন্তব্য কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.