SocialSocial Networkঅসমআঞ্চলিক

ৰাজ্যবাসীৰ বাবে সু-খবৰ! শীঘ্ৰেই অসমত দূৰ হ’ব নেটৱৰ্কৰ সমস্যা!

অসমত ১৫ জিলাৰ ৬৪৮ গাঁৱত অচিৰেই সংযোগ হ’ব 4G সেৱা

ৰাজ্যবাসীৰ বাবে সু-খবৰ! শীঘ্ৰেই অসমত দূৰ হ’ব নেটৱৰ্কৰ সমস্যা!

কিয়নো অসমত ১৫ জিলাৰ ৬৪৮ গাঁৱত অচিৰেই সংযোগ হ’ব 4G সেৱা। দেশৰ ২৪,৬৮০খন গাঁৱৰ ভিতৰত আছে অসমৰ ৬৪৮ গাঁও। এই সেৱা কেন্দ্ৰ চৰকাৰৰ ‘অন্ত্যোদয় দৃষ্টিভংগী’ৰ অংগ বুলি জানিব পৰা গৈছে। এই সেৱাত দুৰ্গম আৰু অগম্য গাঁওসমূহ সামৰি লোৱা হৈছে।

প্ৰকল্পত BSNLৰ আত্মনিৰ্ভৰ ভাৰতৰ 4G প্ৰযুক্তিৰ ষ্টেক প্ৰয়োগ হ’ব। আঁচনিৰ অধীনত দেশৰ ৭,২৮৭খন আকাংশিত গাঁও সামৰি লৈছে। ইয়াৰ বাবে মুঠ ২৬,৩১৬ কোটি টকা ব্যয় কৰা হ’ব।

এই ব্যয়ত কেপেক্স আৰু ৫ বছৰৰ অপেক্স অন্তৰ্ভুক্ত আছে। ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজৰ লগতে ই-গৱাৰ্নেঞ্চ সেৱাত সহায় হ’ব। বেংক, টেলিক’ম, শিক্ষা আদি বিভিন্ন সুবিধা ব্ৰ’ডবেণ্ড সেৱাত পৰ্যাপ্ত হ’ব। কেন্দ্ৰৰ এই আঁচনিৰ ফলত অসমৰ ৬৪৮খন গাঁও লাভাম্বিত হ’ব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.