অসম

আপোনাৰ ঘৰৰ জুহালখনো হব পাৰে স্বাৱলম্বীতাৰ অন্যতম উৎস!

জুহাল খনৰ জড়িয়তে নিজৰ লগতে আনকো দিব পাৰে সুস্বাদু অসমীয়া থলুৱা আহাৰৰ জুতি তথা আত্ম সংস্থাপনৰ পথৰ সন্ধান

আপোনাৰ ঘৰৰ জুহালখনো হব পাৰে স্বাৱলম্বীতাৰ অন্যতম উৎস। জুহাল খনৰ জড়িয়তে নিজৰ লগতে আনকো দিব পাৰে সুস্বাদু অসমীয়া থলুৱা আহাৰৰ জুতি তথা আত্ম সংস্থাপনৰ পথৰ সন্ধান । তাৰেই এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ পুৰণিগুদাম বৰপানী গাঁৱৰ নিৰমালী ভূঞা,মিনা ভূঞা,চম্পা ভূঞা নামৰ কেইগৰাকীমান মহিলাই।

মহিলা কেইগৰাকীয়ে নিজৰ ঘৰৰ জুহাল খনকেই বাচি লৈছে স্বাৱলম্বীতাৰ পথ। ঘৰতেই অসমীয়াৰ চিনাকি কেইবাবিধৰো পিঠা,লাৰু লগতে মাহৰ গুৰা,বুতৰ গুৰা,চিৰা,কৰাই-গুড়ি আদি প্ৰস্তুত কৰি ঘৰৰ সন্মূখতে এখন দোকান দিয়ে সৰুকৈ আৰম্ভ কৰিছে ব্যৱসায়। দোকানখনৰ লগতে বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত পিঠা,লাৰু বিক্ৰী কৰিয়েই স্বাৱলম্বীতাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে এই সকল মহিলাই। এই সকল মহিলাই আন আন মহিলা সকলকো এনে ব্যৱসায়ৰ লগত জড়িত হৈ নিজকে সংস্থাপন হোৱাৰ আহ্বান জনায়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.