জীৱনশৈলীবলিউড

হঠাৎ কি হ’ল অভিষেক বচ্চনৰ? হাস্পতালত পুত্ৰক লগ কৰিবলৈ গ’ল পিতৃ অমিতাভ বচ্চন

কিছুদিন পূৰ্বে পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চনক এয়াৰপ'ৰ্টত থ'বলৈ গৈছিল অভিনেতা অভিষেক বচ্চন

অসুস্থ অভিষেক বচ্চন। অভিনেতা অভিষেক বচ্চনক লগ কৰিবলৈ মুম্বাইৰ লীলাৱতী হাস্পতাললৈ অহা দেখা গ’ল পিতৃ অমিতাভ বচ্চন আৰু ভগ্নী শ্বেতা বচ্চন নন্দাক।

কিছুদিন পূৰ্বে পত্নী ঐশ্বৰ্য ৰায় বচ্চন আৰু জীয়ৰী আৰাধ্যা বচ্চনক এয়াৰপ’ৰ্টত থ’বলৈ গৈছিল অভিনেতা অভিষেক বচ্চন। উল্লেখযোগ্য যে, মণি ৰত্নমৰ আহিবলগীয়া এখন চিনেমাৰ শ্বুটিঙৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল ঐশ্বৰ্য ৰায় বচ্চন, কিন্তু ইতিমধ্যে মুম্বাইলৈ উভতি আহিছে অভিনেত্ৰীগৰাকী।

আচলতে, এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতা অভিষেক বচ্চন। নিজৰ বেনাৰত নিৰ্মীয়মাণ এখন চিনেমাৰ কামত ব্যস্ত থাকোতে সোঁ হাতত আঘাত পায় অভিনেতাগৰাকীয়ে। ততাতৈয়াকৈ মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতা অভিষেক বচ্চনক। বৰ্তমান চিকিৎসকে আৰাম কৰিবলৈ দিছে অভিনেতাগৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 5 =

Back to top button