অপৰাধঅসম

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক অসমৰ ৩ যুৱক

ম্যানমাৰৰ আলফা(স্বাঃ) শিবিৰলৈ গৈ থকা অৱস্থাত আটক ৩ যুৱক

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ সময়তে আটক অসমৰ তিনি যুৱক। আলফা(স্বাঃ)ত যোগ দিবলৈ যোৱা অসমৰ তিনি যুৱকক আটক কৰিছে অসম ৰাইফলছে।

এক বিশেষ সূত্ৰৰ পম খেদি অসম ৰাইফলছে চলায় এক বিশেষ অভিযান। অসম ৰাইফলছৰ এটা দল উপস্থিত হয় নাগালেণ্ডৰ মন জিলাত। নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে ম্যানমাৰৰ আলফা(স্বাঃ)ৰ শিবিৰলৈ গৈ থকা অৱস্থাতে তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় অসম ৰাইফলছ।

আটকাধীন তিনিওজন যুৱক ক্ৰমে – শদিয়াৰ বাসিন্দা হিমন্ত নেওগ, ওদালগুৰিৰ বাসিন্দা বিকাশ ডেকা আৰু তিনিচুকীয়াৰ বাসিন্দা অৰিন্দম বৰা বুলি চিনাক্ত কৰা হৈছে।

আটক কৰা যুৱককেইজনক বৰ্তমান অসম ৰাইফলছৰ শিবিৰত জেৰা কৰি থকা হৈছে। পৰৱৰ্তী পদক্ষেপৰ বাবে যুৱককেইজনক অসম আৰক্ষীক গতাই দিয়া হ’ব বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 11 =

Back to top button