অসমআঞ্চলিকদুৰ্ঘটনা

বিয়াঘৰত কান্দোনৰ ৰোল, বিয়াৰ দিনাই দুৰ্ঘটনাত পতিত দৰা পাৰ্টী কঢ়িয়াই নিয়া বাহন, নিহত ২ জন আৰু আহত ৫ জন

 মৃত লোকজন দ্বীজন বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে।

বিয়াঘৰত কান্দোনৰ ৰোল উঠিছে। বিয়াৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত এক শোকাৱহ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দৰাঘৰীয়াৰ।

দেওবাৰে নিশা গোলাঘাট জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিৱসাগৰৰ পৰা গোলাঘাট অভিমুখে দৰাঘৰীয়া কঢ়িয়াই নিয়া এখন বাহনে এডাল প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলত সংঘটিত শোকাৱহ ঘটনা।

দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত পাঁচজন লোক। মৃত লোক দুজন ক্ৰমে দ্বীজন বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

উল্লেখ্য যে, জাঁজী, শিৱসাগৰৰ পৰা কইনা লৈ গোলাঘাটলৈ আহি থকাৰ সময়তে সংঘটিত এই কৰুণ ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.