Government Schemeঅসম

এইচডিএফচি বেংকৰ বিশেষ পদক্ষেপ, গুৱাহাটীত আয়োজন ৰাজ্যিক পৰ্যায়ৰ সম্বৰ্ধনা অনুষ্ঠান

সোমবাৰে আয়োজন কৰা সম্বৰ্ধনা কাৰ্যসূচীত অন্তর্ভুক্ত আছিল নতুন ঋণৰ বাবে আত্মসহায়ক গোটসমূহলৈ অনুমোদন পত্ৰ বিতৰণ কৰা, লগতে সময়মতে ঋণ পৰিশোধ কৰা আত্মসহায়ক গোটসমূহক সন্মান জনোৱা। ইয়াৰোপৰি ঋণ দিয়াৰ  ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ বাবে বেংক মিত্র, খণ্ড প্রকল্প প্রৱন্ধক আৰু এ.এ.আৰ. এল.এমৰ বিষয়াসকলক সম্বর্ধনা জনোৱা।

এইচডিএফচি বেংকৰ উত্তৰ-পূব মণ্ডলৰ বিশেষ পদক্ষেপ। এইচডিএফচি বেংকে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান(এএছআৰএলএম)ৰ অধীনত গুৱাহাটীত আত্মসহায়ক গোটসমূহৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্য়ে আয়োজন কৰে এক বিশেষ অনুষ্ঠান। আত্মসহায়ক গোটসমূহক সম্বর্ধনা জনোৱাৰ বাবে ভাৰতত প্ৰথমবাৰলৈ এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে এইচডিএফচি বেংকে। এই অনুষ্ঠানত অন্তৰ্ভুক্ত আছিল ৰাজ্যিক পৰ্যায়ৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে কম সুতৰ হাৰত ঋণ দিয়া কাৰ্যসূচী।

সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান(এএছআৰএলএম)ৰ মিছন সঞ্চালক শ্ৰীমতী কৃষ্ণা বৰুৱা। লগতে উপস্থিত থাকে ৰাজ্যিক প্রকল্প প্ৰৱন্ধক আৰু এইচডিএফচি বেংক লিমিটেডৰ অন্যান্য বিষয়াসকল।

সোমবাৰে আয়োজন কৰা সম্বৰ্ধনা কাৰ্যসূচীত অন্তর্ভুক্ত আছিল নতুন ঋণৰ বাবে আত্মসহায়ক গোটসমূহলৈ অনুমোদন পত্ৰ বিতৰণ কৰা, লগতে সময়মতে ঋণ পৰিশোধ কৰা আত্মসহায়ক গোটসমূহক সন্মান জনোৱা। ইয়াৰোপৰি ঋণ দিয়াৰ  ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ বাবে বেংক মিত্র, খণ্ড প্রকল্প প্রৱন্ধক আৰু এ.এ.আৰ. এল.এমৰ বিষয়াসকলক সম্বর্ধনা জনোৱা।

এইচডিএফচি বেংকৰ অনুষ্ঠানটোত আয়োজন কৰা হয় এক প্ৰদৰ্শনী অনুষ্ঠান। য’ত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা  সামগ্ৰীৰ এক প্রদর্শনীৰো আয়োজন কৰা হয়। এই কাৰ্যসূচীত এইচডিএফচি বেংকৰ উত্তৰ-পূব মণ্ডলৰ খুচুৰা(RETAIL) শাখা বেংকিং, চৰকাৰী বেংকিং আৰু বহনক্ষম জীৱিকা উদ্যোগ দলৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 9 =

Back to top button