AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতমিজোৰামৰাজনৈতিক

ম্যানমাৰত চলি থকা বিদ্ৰোহী সংগঠন আৰু মিলিটেৰী জুণ্টাৰ মাজৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত, ম্যানমাৰৰ সৈন্যক লৈ বিমোৰত পৰিছে মিজোৰাম চৰকাৰ….

ম্যানমাৰত চলি থকা বিদ্ৰোহী সংগঠন আৰু মিলিটেৰী জুণ্টাৰ মাজৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ভাৰত ম্যানমাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৈন্যক লৈ বিমোৰত পৰিছে মিজোৰাম চৰকাৰ। বাতৰি লিখা পৰলৈ ভাৰত ম্যানমাৰ সীমান্তৰে মিজোৰামত প্ৰৱেশ কৰা বুলি খবৰ পোৱা গৈছে। ইমান সংখ্যক বাৰ্মিজ সৈন্যই বৰ্তমান মিজোৰামৰ লনগালাই জিলাত শিবিৰ পাতিছে। উল্লেখ্য যে পশ্চিম ম্যানমাৰৰ ৰাখাইন জিলাৰ সেনাৰ শিবিৰত আৰাকান আৰ্মী নামৰ স্থানীয় বিদ্ৰোহী সংগঠনে আক্ৰমণ কৰি উৎখাত কৰাৰ ফলত প্ৰাণৰ মমতাত ভাৰতলৈ পলায়ন কৰিছে ম্যানমাৰ সেনা। বৰ্তমান অসম ৰাইফলছৰ তত্বাৱধানত আছে ম্যানমাৰৰ পৰা পলায়ন কৰি অহা সেনা জোৱান। এই বিষয়ক লৈ বৰ্তমান চিন্তিত হৈ পৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা। অলপতে শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব কাউন্সিলৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে জৰুৰী বৈঠক কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই। ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ সন্দৰ্ভত হস্তক্ষেপ দাবী কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.