Socialঅসম

‘ভূপেন দা’ বিহীন দহটা বছৰ, অসমীয়াৰ বুকু শুদা কৰি গুচি যোৱা ‘ভূপেন দা’ক ৰাজ্যজুৰি স্মৰণ

তেওঁৰ প্ৰতিটো গান, প্ৰতিটো কথাত নিগৰিছিল স্বদেশপ্ৰেম, জাতিৰ প্ৰতি ভালপোৱা আৰু প্ৰেমৰ কথা। তেওঁ গীতেৰে জিনিছিল সকলোৰে হৃদয়।

‘জিকমিক দেৱালীৰ বন্তি জ্বলে,
এন্ধাৰত কান্দে কোনে অকলে অকলে,
ওচৰা-ওচৰি দুটি ঘৰ।
এটি পঁজা আনটো ৰজা ঘৰ,
ৰজাঘৰে হাঁহে, মাথোন পঁজাটিত বন্তি নজ্বলে!’,

‘সুধাকন্ঠ’, অসমীয়া জাতিৰ এটা চিৰ পৰিচিত নাম-‘সুধাকন্ঠ’ ভূপেন দা। অসমীয়াৰ প্ৰাণৰ ভূপেন দা। সুৰৰ লালিত্য, বিশ্বমানৰ অৱদানেৰে অসমীয়া কলা-সংস্কৃতিৰ জগত চহকী কৰি থৈ যোৱা ‘বিশ্বৰত্ন’ ভূপেন হাজৰিকা আছিল চিৰকালৰ চিৰ শ্ৰেষ্ঠ শিল্পী।

তেওঁৰ প্ৰতিটো গান, প্ৰতিটো কথাত নিগৰিছিল স্বদেশপ্ৰেম, জাতিৰ প্ৰতি ভালপোৱা আৰু প্ৰেমৰ কথা। তেওঁ গীতেৰে জিনিছিল সকলোৰে হৃদয়।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ ঔৰষত জন্মগ্ৰহণ কৰা ভূপেন দা সৰুৰে পৰা আছিল সকলোৰে মৰমৰ। সৰুৰে পৰা সংস্কৃতিৱান পৰিৱেশত ডাঙৰ-দীঘল হোৱা ভূপেন হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত গ্ৰহণ কৰিছিল স্কুলীয়া শিক্ষা। পঢ়া-শুনাত যথেষ্ট মেধাৱী ভূপেন হাজৰিকাই Role of Mass Communicqation in India’s Adult Education বিষয়ত অধ্যয়ন কৰি কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

১৯৫০ চনত প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ড০ ভূপেন হাজৰিকা। কিন্তু প্ৰিয়ম্বদাৰ সৈতে ভূপেন হাজৰিকাৰ বিবাহ বেছিদিন নিটিকিল। এটা পুত্ৰ সন্তানৰ জন্মৰ পিছত ১৯৬৩ চনত যতি পৰিছিল তেওঁলোক দুয়োৰে বৈবাহিক সম্পৰ্কৰ।

ভূপেন হাজৰিকাৰ অন্তৰস্পৰ্শী অমৃতময়ী কন্ঠই মুগ্ধ কৰিছিল প্ৰতিজন শ্ৰোতাক। তেখেতৰ সাংস্কৃতিক প্ৰতিভাৰ বিকাশ ঘটিছিল সাংস্কৃতিক নগৰী তেজপুৰত। জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মাৰ দৰে কালজয়ী পুৰুষৰ সান্নিধ্যতেই ভূপেন হাজৰিকাৰ বৰ্ণিল সাংস্কৃতিক জীৱনৰ উত্তৰণ ঘটিছিল।

অসমীয়া, বাংলাৰ লগতে ভাৰতৰ ভিন্ন ভাষাৰ বিভিন্ন হৃদয়স্পৰ্শী গীতৰ লগতে ‘এৰা বাটৰ সুৰ’, ‘মাহুত বন্ধুৰে’, ‘শকুন্তলা’, ‘প্ৰতিধ্বনি’, ‘লটি-ঘটি’, ‘চিকমিক বিজুলী’, ‘মন প্ৰজাপতি’, ‘চিৰাজ’, ‘মিৰি জীয়ৰী’ আদি চলচ্চিত্ৰৰ পৰিচালনাৰে অসমীয়া, বাংলা চলচ্চিত্ৰ জগতক ভূপেন হাজৰিকাই দিছিল এক অন্য মাত্ৰা।

কেৱল অসমীয়াই নহয়, সুধাকন্ঠৰ কন্ঠত নিগৰিছিল বাংলা, হিন্দী, ভোজপুৰীৰ লগতে ভাৰতৰ বহুতো ভাষাৰ শ্ৰুতিমধুৰ গীত।
পদ্মশ্ৰী, অসম ৰত্ন, দাদা চাহেব ফাল্কে, পদ্মভূষণ, ভাৰতৰত্ন আদিৰ দৰে যথেষ্ট সন্মানেৰে বিভূষিত ভূপেন দাৰ সৃষ্টিয়েও আজুৰিছিল ৰাষ্ট্ৰীয় সন্মান।

ভূপেন হাজৰিকাক আমি বিভিন্ন উপাধিৰে চিনি পাওঁ। তেওঁক বহুতে বহুত অভিধা দিয়ে। তেওঁৰ দৰে এগৰাকী বিশ্বশিল্পীৰ বাবে এই উপাধিবোৰো কম হয় যায়। ১৯৬৮ চনত ভূপেন হাজৰিকাক মাজুলীৰ বংশীগোপাল নাট্য মন্দিৰত আনন্দ চন্দ্ৰ বৰুৱাই “সুধাকণ্ঠ” উপাধি দিয়ে। তাৰোপৰি, তেওঁক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধিও প্ৰদান কৰে। অসম সত্ৰ মহাসভাই ভূপেন হাজৰিকাক “সংগীত চূড়ামণি” উপাধি প্ৰদান কৰিছিল। ভূপেন হাজৰিকাক সংগীত সূৰ্য্য,বিশ্বৰত্ন আদি বিভিন্ন অভিধাৰে জনা যায়।

অসমবাসীক কন্দুৱাই ২০১১ চনৰ ৫ নৱেম্বৰত ইহলোকলৈ গমন কৰিলে সকলোৰে মৰমৰ ভূপেন দাই। দীৰ্ঘদিন ধৰি কিডনীৰ সমস্যা আৰু আনুসংগিক জটিলতাত ভুগি থকা ড০ ভূপেন হাজৰিকাই ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মুম্বাইৰ কোকিলাবেন ধিৰুভাই আম্বানী চিকিৎসালয়ত।

ভূপেন দা গুচি গ’ল। সুধাকন্ঠ ভূপেন দাৰ মৃত্যুৱে প্ৰত্যেকৰে হৃদয়ত দি গ’ল এবোজা দুখ, কিছু স্মৃতি আৰু ভাল লগা সময়। ভূপেন দাৰ মৃত্যুৰ লগে-লগে শেষ হ’ল এটি গীতৰ। তেখেতৰ মৃত্যুত অৱসান ঘটিল এটা যুগৰ। কিন্তু আজিও অসমীয়াৰ মন আৰু প্ৰাণত চিৰ জীৱন্ত হৈ আছে ড০ ভূপেন হাজৰিকা। ভূপেন দাৰ মৃত্যুৰ পিছত প্ৰতিজন অসমীয়াৰ হৃদয়ত ঝংকাৰিত হ’ল অমৰজ্যোতি চৌধুৰীৰ কলমেৰে নিগৰিত কবিতা-

‘এটা গান শেষ হ’ল
যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি
সেই গান শেষ হ’ল
যি গানৰ দোলাতে আছে আমাৰ ব’হাগ
সেই গান শেষ হ’ল’।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

2 + twelve =

Back to top button