জীৱনশৈলীবলিউড

৩৩ বছৰীয়া হ’ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট…

ডুবাইত দেৱালী উদযাপনৰ সময়তে তোলা হৈছিল এই ফটোখন। উল্লেখ্য যে, ডুবাইত হৈ থকা টি ২০ ক্ৰিকেট বিশ্বকাপৰ বাবে ডুবাইত আছে বিৰাট দম্পতী

৩৩ বছৰত ভৰি দিলে ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলীয়ে। ক্ৰিকেটৰ জৰিয়তে অনুৰাগীৰ মন মুহিবলৈ সক্ষম হোৱা ক্ৰিকেটাৰ বিৰাট কোহলীক জন্মদিনৰ দিনটোত শুভকামনাৰে ওপচাই পেলাইছে সকলোৱে।

৩৩ বছৰীয়া হ'ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট...

বিৰাট কোহলীৰ জন্মদিনটোত প্ৰতি বছৰৰ দৰে এইবাৰো বিশেষভাৱে উদযাপন কৰিছে অনুস্কাই। স্বামী বিৰাট কোহলীৰ জন্মদিনৰ দিনটোত বলিউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে এক বিশেষ পোষ্ট। বিৰাটৰ সৈতে বৰ্তমান ডুবাইত থকা অনুস্কাই শুকুৰবাৰে ইনষ্টাগ্ৰামত দুয়োৰে এখন ফটো আপলোড কৰি দিয়ে জন্মদিনৰ শুভেচ্ছা।

https://www.instagram.com/p/CV4iyW_JcnS/?utm_source=ig_web_button_share_sheet

৩৩ বছৰীয়া হ'ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট...

এই পোষ্টটোত অনুস্কাই কোহলীক এজন সত্যবান আৰু সাহসী মানুহ বুলি উল্লেখ কৰে। অনুস্কাই লিখে যে, ‘এই ফটোখনৰ বাবে কোনো ফিল্টাৰৰ প্ৰয়োজন নাই। তুমি যথেষ্ট সুন্দৰভাৱে মোৰ জীৱনটোৰ নেতৃত্ব লৈছা। তুমি যথেষ্ট সত্যৱান আৰু  সাহসী মানুহ। মই এনে কোনো লোকক নাজানো যিয়ে অন্ধকাৰ ঠাইৰ পৰা নিজকে তুলি ল’ব পাৰে।’

৩৩ বছৰীয়া হ'ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট...

ইয়াৰ লগতে জীৱন পোহৰাই তোলাৰ বাবে অনুস্কাই ধন্যবাদ জ্ঞাপন কৰে বিৰাটক। অনুস্কাই লগতে কয় যে, মই জানো যে আমি ছ’চিয়েল মিডিয়াত কথা পতা ধৰণৰ মানুহ নহয়, কিন্তু কেতিয়াবা মই সমগ্ৰ বিশ্বকে চিঞৰি চিঞৰি ক’ব বিচাৰো তুমি কিমান ভাল মানুহ।

৩৩ বছৰীয়া হ'ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট...

এই পোষ্টটোৰ লগতে অনুস্কাই শ্বেয়াৰ কৰে দুয়োৰে এখন বিশেষ ফটো। ডুবাইত দেৱালী উদযাপনৰ সময়তে তোলা হৈছিল এই ফটোখন। উল্লেখ্য যে, ডুবাইত হৈ থকা টি ২০ ক্ৰিকেট বিশ্বকাপৰ বাবে ডুবাইত আছে বিৰাট দম্পতী।

৩৩ বছৰীয়া হ'ল বিৰাট কোহলী, ইনষ্টাগ্ৰামযোগে পত্নী অনুস্কাই শ্বেয়াৰ কৰিলে এই বিশেষ পোষ্ট...

কেৱল এজন ভাল খেলুৱৈয়েই নহয়, বিৰাট কোহলী হৈছে এজন ভাল মডেলো। নিজৰ ক্ৰিকেট পাৰদৰ্শিতাৰে সকলোৰে আদৰ্শ স্বৰূপ হৈ পৰা বিৰাট কোহলীৰ সু-স্বাস্থ্য কামনা কৰি জন্মদিনৰ দিনটোত সকলো অনুৰাগীয়ে দিছে শুভেচ্ছা বাৰ্তা। আমিও বিৰাটৰ জন্মদিনৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − six =

Back to top button