অসমপৰিৱেশবন্যপ্ৰাণী

দুষ্কৃতিকাৰীৰ লক্ষ্য বনৰীয়া পক্ষী, এফালৰ পৰা নিধন কৰিছে জাকে-জাকে বগলী…

ফুৰাডন জাতীয় বিষাক্ত দ্ৰব্য দি এফালৰ পৰা নিধন কৰিছে বিবিধ বনৰীয়া চৰাই

বনৰীয়া পক্ষীৰ বধ্যভূমিত পৰিণত হৈছে লখিমপুৰ। দুষ্কৃতিকাৰীয়ে নিধন কৰিলে জাকে-জাকে বগলী।

লখিমপুৰৰ এখন বিশাল পথাৰত চলিছে এই বন্যপক্ষীৰ নিধন যজ্ঞ।  বছৰৰ ১২ মাহেই ৰাজহাঁহ,বৰটোকোলা, কাম চৰাই, বগলী, শামুকভঙা, আদি চৰাইৰ আগমনেৰে মুখৰিত হৈ থাকে লখিমপুৰৰ এই পথাৰখন। কিন্তু এই বন্য বিহংগৰ প্ৰতি লালায়িত হৈ এচাম দুবৃর্ত্তই পথাৰখনত ফুৰাডন জাতীয় বিষাক্ত দ্ৰব্য দি এফালৰ পৰা নিধন কৰিছে বিবিধ বনৰীয়া চৰাই।


বিগত কিছু দিনৰ পৰা পথাৰ খনত  চলি আছে নিৰ্মম পক্ষী হত্যা। মঙলবাৰেও এনেদৰে বিষাক্ত দ্ৰব্য দি দুৰ্বৃত্তই হত্যা কৰিলে বৃহৎ সংখ্যক বগলী। একাংশ গঁঞাই পথাৰখনৰ পৰা অৰ্ধমৃত অৱস্থাত কেইবাটাও বগলী উদ্ধাৰ কৰে যদিও বহু বগলী বিষক্ৰিয়াৰ ফলত নিধন হয়। এই ঘটনাৰ পিছত ক্ষোভিত হৈ পৰিছে লখিমপুৰবাসী। এই দুষ্কৃতিকাৰ্যৰ পিছতো কোনো কাণ সাৰ নাই বন বিভাগৰ লোকৰ। বন্য বিহংগৰ বধ্যভূমিত পৰিণত হোৱা এই পথাৰখনত প্ৰশাসন, বন বিভাগ, আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি পক্ষী কুলক ৰক্ষা কৰাৰ লগতে দুৰ্বৃত্তক কঠোৰ শাস্তি দিব লাগে বুলি অনুৰোধ জনাইছে স্থানীয় লোকে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.