ধৰ্মীয়ভাৰতৰাজনৈতিক

‘ভাৰতত থকা মুছলমানৰ লগতে ভাৰতৰ প্ৰত্যেক গৰাকী নাগৰিকেই হিন্দু’!

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱক কটাক্ষ কৰি এই মন্তব্য প্ৰদান কৰে সংগীত সোমে

আচহুৱা মন্তব্য কৰি পুনৰ চৰ্চাত পশ্চিম উত্তৰ প্ৰদেশৰ সাৰধানাৰ‌ বিজেপি বিধায়ক সংগীত সোম। বিভিন্ন বিষয়ত মন্তব্য কৰি প্ৰায়ে চৰ্চাত থকা বিধায়কগৰাকী আকৌ আহিছে চৰ্চালৈ।

তেওঁ কয় যে, ভাৰতৰ সেই সকলো ঠাইতে মন্দিৰ বনোৱা হ’ব য’ত মন্দিৰ ভাঙি একাংশই মছজিদ নিৰ্মাণ কৰিছে। এক সংবাদমেলত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেখ যাদৱক কটাক্ষ কৰি এই মন্তব্য প্ৰদান কৰে সংগীত সোমে।

বিধায়ক গৰাকীয়ে কয় যে, ভাৰতত থকা মুছলমানৰ লগতে ভাৰতৰ প্ৰত্যেক গৰাকী নাগৰিকেই হিন্দু, হিন্দুস্তানত থকা মুছলমান সকলো হিন্দু বুলি বিতৰ্কিত মন্তব্য কৰে বিজেপি নেতা সংগীত সোমে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button