জম্মু-কাশ্মীৰদুৰ্ঘটনা

কৰ্তব্যৰত অৱস্থাত জম্মু-কাশ্মীৰত মৃত্যু ভাৰতীয় পাইলটৰ…

আৰ্মীৰ Cheetah হেলিকপ্টাৰখনে অৱতৰণ কৰিবলৈ লওঁতে জংঘলত সংঘটিত হয় দুৰ্ঘটনা

জম্মু-কাশ্মীৰত অঘটন। ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত দুজন পাইলট। জম্মু-কাশ্মীৰৰ উধমপুৰত মঙলবাৰে সংঘটিত এই ঘটনা।

আঘাতপ্ৰাপ্ত পাইলট দুজনক জৰুৰীকালীন চিকিৎসাৰ বাবে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে দুয়োজনে। ইয়াৰে এজন আছিল কেপ্টেইন আৰু আনজন আছিল মেজৰ। নিহত জোৱান দুজন ক্ৰমে মেজৰ ৰোহিত কুমাৰ আৰু মেজৰ অনুজ ৰাজপুত।

উল্লেখযোগ্য যে, পাতনীটপ অঞ্চলত ভাৰতীয় সেনাৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে আৰ্মীৰ Cheetah হেলিকপ্টাৰখনে অৱতৰণ কৰিবলৈ লওঁতে জংঘলত সংঘটিত হয় দুৰ্ঘটনা। ঘটনাস্থলীত তৎক্ষণাত উপস্থিত হয় স্থানীয় লোক। স্থানীয় লোকে পাইলট দুজনক উদ্ধাৰ কৰে যদিও মৃত্যুক সাৱটি লয় ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া দুজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.