অপৰাধঅসম

বন্ধুয়ে কৰিলে বন্ধুৰ হত্যা!

ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰি নিজৰ স্কুটিত তুলি ভৰাই পেলাই গ’ল ডাকঘৰ চাৰি আলিৰ পৰা কৌৱানী সংযোগী পথত

বন্ধুয়ে কৰিলে বন্ধুৰ হত্যা!

নুমলীগড়ৰ কৌৱানীত নিশা নৃশংস হত্যাকাণ্ড, কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰ্কেটা নামৰ এজন লোকক মৰিয়াই মৰিয়াই ডিঙি চেপি হত্যা কৰিলে নিজৰেই সতীৰ্থ গৌতম বিশ্বাস(বিকি) নামৰ লোকজনে।

ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰি নিজৰ স্কুটিত তুলি ভৰাই পেলাই গ’ল ডাকঘৰ চাৰি আলিৰ পৰা কৌৱানী সংযোগী পথত । স্থানীয় গাওঁৰক্ষী বাহিনীয়ে জানিব পাৰি বগীজান আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো, বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ । হত্যাকাৰী গৌতম বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে । হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.