অসমআঞ্চলিক

ভাল খবৰ! শীঘ্ৰেই মহানগৰীত সংযোজন হ’ব বৈদ্যুতিক বাছ

অসমৰ পৰিবহন ব্যৱস্থাত শীঘ্ৰেই সংযোজন হ’ব ১০০খন বৈদ্যুতিক বাছ

ভাল খবৰ! শীঘ্ৰেই মহানগৰীত সংযোজন হ’ব বৈদ্যুতিক বাছ…

অসমৰ পৰিবহন ব্যৱস্থাত শীঘ্ৰেই সংযোজন হ’ব ১০০খন বৈদ্যুতিক বাছ৷ অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডৰ প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য৷ প্ৰেছ বিবৃতিত অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডে কয় যে, তেওঁলোকৰ প্ৰতিষ্ঠানৰ পৰা ১০০ খন বৈদ্যুতিক বাছ বিচাৰি অসম ৰাজ্যিক পৰিবহন নিগমে পত্ৰ প্ৰেৰণ কৰিছে৷ এই ১০০ খন বাছৰ সাম্ভাৱ্য মূল্য প্ৰায় ১৫১ কোটি টকা।

অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডে উল্লেখ কৰা অনুসৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰথমটো অৰ্ডাৰ৷ ৯ মাহৰ ভিতৰত অসম চৰকাৰক এই বাছ সমূহ যোগান ধৰিব প্ৰতিষ্ঠানটোৱে৷ লগতে অনাগত পাঁচ বছৰৰ বাবে এই বাছবোৰ ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ হৈ থাকিব অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড৷

অসমৰ পৰা প্ৰথমটো অৰ্ডাৰ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিছে বুলি প্ৰতিষ্ঠানটোৰ অধ্যক্ষই৷ ভাৰতৰ বিভিন্ন প্ৰান্তত উক্ত প্ৰতিষ্ঠানটোৰ বাছ সমূহ চলাচল হৈ আছে৷বাছ সমূহে ইতিমধ্যে ভাৰতীয় পথত পাঁচ কোটি কিলোমিটাৰ অতিক্ৰম কৰিছে৷ লগতে এই বাছসমূহে কাৰ্বন নিৰ্গম হ্ৰাস কৰা সহায় কৰে বুলিও জানিব পৰা গৈছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button