অসমআঞ্চলিকদৈনিক বাতৰি

কাজিৰঙা বনাঞ্চলত ঠায়ে ঠায়ে ভৰিছে পানী, বৰষুণৰ পানীত বুৰ গৈছে বনাঞ্চলৰ ভিন্ন অঞ্চল

কাজিৰঙা বনাঞ্চলত ঠায়ে ঠায়ে ভৰিছে পানী, বৰষুণৰ পানীত বুৰ গৈছে বনাঞ্চলৰ ভিন্ন অঞ্চল

কাজিৰঙা বনাঞ্চলত ঠায়ে ঠায়ে ভৰিছে পানী। বৰষুণৰ পানীত বুৰ গৈছে বনাঞ্চলৰ ভিন্ন অঞ্চল। বাট-পথ বন্ধ হৈ পৰাত নাৱেৰে বনকৰ্মীৰ টহল। কঁহৰা, আৰিমৰা, কাৰাশিং আদি জলমগ্ন।নিৰাপদ স্থানত আশ্ৰয় বন্য জীব-জন্তুৰ।

নেৰানেপেৰা বৰষুনৰ ফলত পানীৰে উপচি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয় ৷ অৱশ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী এতিয়ালৈ সোমোৱা নাই ৰাষ্ট্ৰীয় উদ্যানখনত৷ ডিফলু নদীৰ পানীয়েও জলমগ্ন কৰিছে কাজিৰঙাৰ ভিন্ন অঞ্চল৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ পথৰ ওপৰত পানী জমা হোৱাৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ উপক্ৰম৷ কঁহৰা বনাঞ্চলৰ আৰিমৰা, হোলালপাথ, কাৰাশিং আদি অঞ্চলত ভৰিছে পানী৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত হাতীৰ কেম্প আদিকে ধৰি পথসমূহত পানীৰে উপচি পৰাত বনকৰ্মীয়ে নাও লৈ বনাঞ্চলৰ সুৰক্ষাত নিয়োজিত হ’বলগীয়া হৈছে৷ অৱশ্যে বৰ্তমান সময়লৈ বনাঞ্চলৰ ওখ স্থানসমূহত অৱস্থান কৰিছে বনৰীয়া জীৱ–জন্তু৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − thirteen =

Back to top button