জীৱনশৈলীবিশ্বস্বাস্থ্য

বিশ্বৰ বৃহৎ সংখ্যক লোকৰ নাই স্বচ্ছতাৰ নিম্নতম সুবিধা! UNICEFৰ এক ভয়ংকৰ তথ্য…

বৈশ্বিক স্তৰত ২.৩ আৰৱ লোকৰ হাতত নাই হাত ধুবলৈ পানী আৰু চাবোন

UNICEFৰ গুৰুত্বপূৰ্ণ তথ্য অনুসৰি, বৈশ্বিক স্তৰত ২.৩ আৰৱ লোকৰ হাতত নাই হাত ধুবলৈ পানী আৰু চাবোন। অৰ্থাৎ দহ জন লোকৰ ভিতৰত ৩জনৰেই নাই হাত ধুৱা পানী আৰু চাবোন যোগাৰ কৰাৰ সামৰ্থ্য।

বিশ্ব ‘হেন্ডৱাছিং দে’ৰ দিনা UNICEFএ সংযুক্ত ৰাষ্ট্ৰৰ এজেন্সিৰ দ্বাৰা জনাই যে, বিশ্বৰ ২.৩ আৰৱ লোকৰ হাতত নুণ্যতম হাতখন পৰিস্কাৰ কৰি ৰাখিব পৰা সুবিধাকনো নাই। উন্নয়নশীল দেশৰ বাবে ই অতিকৈ দুখদায়ক। য’ত দহ জন লোকৰ ভিতৰত ৬ জনৰেই নাই নিজকে পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ সুবিধা।

আনুমানিক, বিশ্বৰ ৫খন স্কুলৰ ভিতৰত ২খন স্কুলতে নাই পানী আৰু চাবোনৰ লগতে বুনিয়াদি স্বচ্ছতা সম্বন্ধিয় সুবিধা। যাৰ ফলত ৮১৮ মিলিয়ন ছাত্ৰ প্ৰভাৱিত হয়। ১০ খনৰ ভিতৰত ৭ খন দেশৰ স্কুলত নাই হাতখন ধোৱাৰো সাধাৰণ সুবিধা।

বিগত কৰোণাকালীন পৰিস্থিতিত জনতাক কিছু স্বচ্ছতা সম্বন্ধে জাগ্ৰত কৰা হৈছে যদিও বিভিন্ন দেশত এতিয়াও স্থিতি উন্নত হোৱা পৰিলক্ষিত হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.