Socialঅসমদৈনিক বাতৰি

তিনিচুকীয়াত জ্বলিছে পাকিস্তানী পতাকা…

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হিন্দু লোকক গুলীয়াই হত্যা কৰাৰ পিছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত কিছুদিন পূৰ্বে সংঘটিত হৈছিল এক হত্যাকাণ্ড। যি হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। সন্ত্ৰাসবাদীয়ে হিন্দু লোকক গুলীয়াই হত্যা কৰাৰ পিছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

এই ঘটনাৰ পিছতেই সন্ত্ৰাসবাদৰ বিৰোধিতা কৰাৰ লগতে বহুতেই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন আইছিছৰ ঘোৰ বিৰোধিতা কৰে।

অসমতো পৰিছে জম্মু-কাশ্মীৰৰ ঘটনাৰ প্ৰভাৱ। অসমৰ বহু ঠাইত জ্বলাই দিয়া হয় পাকিস্তানী পতাকা। তিনিচুকীয়াতো বিশ্ব হিন্দু পৰিষদ বজৰং দল তিনিচুকীয়া জিলা সমিতিৰ দ্বাৰা পাকিস্তানৰ পতাকা দাহ কার্যসূচী ৰূপায়ন কৰা হয়।

সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াৰ প্ৰাণ কেন্দ্ৰ থানা চাৰিআলিত বজৰং দলে পাকিস্তানৰ পতাকা জ্বলাই ক্ষোভ প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীত সংগঠনটোৰ বহু সংখ্যক সদস্যই অংশ গ্ৰহণ কৰি পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.