অসম

নিউজ টাইম অসমৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীলৈ ‘যুৱ সাংবাদিক বঁটা’

এই অনুষ্ঠানতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত, নিউজ টাইম অসমৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীক প্ৰদান কৰা হয় 'যুৱ সাংবাদিক বঁটা'।

‘যুৱ সাংবাদিক বঁটা’ৰে সন্মানিত নিউজ টাইম অসমৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলী। সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাই বুধবাৰে জিয়াউল আলীক প্ৰদান কৰে এই বঁটা।

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা, জ্ঞানী পুৰুষ, আইনজ্ঞ, সমাজ সংস্কাৰক, ৰাজনৈতিক নেতা ড° ভীমৰাও আম্বেদকাৰৰ ৬৬তম মৃত্যু দিৱস উপলক্ষে আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠানৰ।

এই অনুষ্ঠানতে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত, সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে নিউজ টাইম অসমৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলীক প্ৰদান কৰা হয় ‘যুৱ সাংবাদিক বঁটা’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.