ভাৰত

নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানলৈ ৰাওনা হওতেই মৃত্যু, দেশবাসীক কন্দুৱাই গুচি গ’ল CDS বিপিন ৰাৱট

বুধবাৰে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লয় CDS বিপিন ৰাৱট, তেখেতৰ পত্নী মধুলিকাৰ লগতে আন ১১ জন যাত্ৰীয়ে।

ভাৰতীয় সেনাৰ ইতিহাসত শোকাৱহ ঘটনা। হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় প্ৰতিৰক্ষা প্ৰধান(CDS) জেনেৰেল বিপিন ৰাৱটে। পত্নীসহিতে ৱেলিংটনলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমান MI-17V5। তামিলনাডুৰ কুনুৰত দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখনত বিপিন ৰাৱট আৰু তেখেতৰ পত্নী মধুলিকা ৰাৱটৰ লগতে আছিল মুঠ ১৪ জন যাত্ৰী।

বুধবাৰে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে কৰুণ মৃত্যুক সাৱটি লয় CDS বিপিন ৰাৱট, তেখেতৰ পত্নী মধুলিকাৰ লগতে আন ১১ জন যাত্ৰীয়ে।

নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানলৈ ৰাওনা হওতেই মৃত্যু, দেশবাসীক কন্দুৱাই গুচি গ'ল CDS বিপিন ৰাৱট

তামিলনাডুত অৱতৰণ কৰিবলগীয়া স্থানৰ পৰা ১০ কিমি. নিলগত সংঘটিত হয় এই ঘটনা। চুলুৰৰ আৰ্মী বেচ কেম্পৰ পৰা উৰণ আৰম্ভ কৰা হেলিকপ্টাৰখনে নিলগিৰি পাহাৰত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত বিমানখন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ বাবে থিতাতে প্ৰাণ হেৰুৱায় ১১ জন লোকে। ইয়াৰে তিনিজন লোকক সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ যোৱা হয় যদিও এজনৰ বাহিৰে আটাইকেইজনে শেষ নিশ্বাস ত্যাগ কৰে।

১৯৫৮ চনত উত্তৰাখণ্ডৰ পাউৰিত জন্ম গ্ৰহণ কৰা জেনেৰল বিপিন ৰাৱটৰ পিতৃ আছিল জেনেৰেল লক্ষণ সিং ৰাৱাট।

কৰ্মজীৱনঃ

১৯৭৮ চনত ১১ গোৰ্খা ৰাইফলছৰ পঞ্চম বেটেলিয়নত নিযুক্তি লাভ কৰিছিল ৰাৱটে। এই বেটেলিয়নতে কমাণ্ডাৰ হিচাপে আছিল বিপিন ৰাৱটৰ পিতৃ লেফটেনন্ট জেনেৰেল লক্ষ্মণ সিং। তাৰ পৰৱৰ্তী সময়ত নিজৰ অভিজ্ঞতা আৰু সামৰ্থৰ বলত বিভিন্ন পদত পদন্নোতি লাভ কৰি ভাৰতীয় স্থল সেনা প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল। ২০১৬ চনত জেনেৰেল বিপিন ৰাৱাটে দেশৰ মুখ্য সেনাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। জেনেৰেল ৰাৱটৰ সময়তে দেশে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। ইয়াৰ পাছত ২০২০ চনত জেনেৰেল বিপিন ৰাৱাটক দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। মূলত স্থল সেনা, বায়ু সেনা আৰু জল সেনা তিনওটা সেনাৰ মাজত সমন্বয় স্থাপনেৰে ক্ষীপ্ৰতাৰে কাম কৰাৰ বাবেই চীফ অফ ডিফেন্স ষ্টাফক নিযুক্তি দিয়া হৈছিল। সেই সময়তে জেনেৰেল বিপিন ৰাৱাটে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনীৰ অভিযানৰো অংশ আছিল। ২০২০ চনৰ ১ জানুৱাৰীত প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল বিপিন ৰাৱটে। ভাৰতীয় সেনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে স্থলসেনা, নৌসেনা, বায়ুসেনাৰ মুৰব্বী হিচাপে দায়িত্ব লৈছিল জেনেৰেল বিপিন ৰাৱটে।

নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানলৈ ৰাওনা হওতেই মৃত্যু, দেশবাসীক কন্দুৱাই গুচি গ'ল CDS বিপিন ৰাৱট

নেশ্যনেল ডিফেন্স একাডেমী, ৱেলিংটনৰ ডিফেন্স চাৰ্ভিছেছ ষ্টাফ কলেজ, নেশ্যনেল ডিফেন্স কলেজত অধ্যয়ন কৰিছিল CDS গৰাকীয়ে। জীৱনৰ ৪১টা বছৰ ভাৰতীয় সেনাত কৰ্তব্যৰত ৰাৱটে লেফটেনেণ্ট জেনেৰেল হিচাপে পশ্চিম কমাণ্ডৰ নেতৃত্ব দিছিল আৰু পিছত উপ সেনা প্ৰধান হিচাপে নিযুক্ত হৈছিল।

সন্মানঃ
জেনেৰেল বিপিন ৰাৱাটে ভাৰতীয় সেনা বাহিনীলৈ আগবঢ়োৱা অৱদান আৰু দেশৰ বাবে তেওঁৰ সেৱাৰ বাবে অতি বিশেষ সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল, সেনা মেডেল আদি সন্মানেৰে সন্মানিত কৰা হৈছিল।

নিজে অধ্যয়ন কৰা শিক্ষানুষ্ঠানলৈ ৰাওনা হওতেই মৃত্যু, দেশবাসীক কন্দুৱাই গুচি গ'ল CDS বিপিন ৰাৱট

বুধবাৰে, হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱটৰ বিয়োগ দেশৰ বাবে এক ডাঙৰ ক্ষতি৷ তেখেতৰ মৃত্যুত এতিয়া শোকত ভাগি পৰিছে দেশবাসী। মঙলবাৰে, দিল্লীলৈ লৈ অহা হ’ব CDS গৰাকীৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − five =

Back to top button