অসম

খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ বাবে হেঁচা একাংশ অসমীয়াক, অস্তিত্বৰ সংকটত মেঘালয়ৰ কেবাহাজাৰ অসমীয়া বাসিন্দা

অস্তিত্বৰ সংকটত ভুগিছে মেঘালয়ৰ নংপোৰ সমীপৰ ১০ খনকৈ অসমীয়াভাষী গাৱঁৰ কেবা হাজাৰ বাসিন্দাই। অসমৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰাৰ বাবে আহ্বান

কেবাটাও শতক পুৰুষানুক্ৰমে অসমৰ বাহিৰত থাকিলেও তেওঁলোকে পাহৰা নাই অসম , অসমীয়া আৰু অসমৰ সংস্কৃতি। বহু ঘাট – প্ৰতিঘাট , সংঘাট , সীমিত প্ৰতিকূল পৰিস্থিতিৰ মাজতো তেওঁলোকে এতিয়াও পালন কৰি আহিছে অসমৰ পৰম্পৰাগত ৰীতি – নীতি , আচাৰ – ব্যৱহাৰ , মহাপুৰুষ দুজনাৰ তিথি , জন্ম জয়ন্তী , বিহুকে ধৰি সকলো জাতীয় উৎসৱ । কিন্ত দিন যোৱাৰ লগে লগে পৰিস্থিতিৰ তাগিদাত পৰি তেওঁলোক এতিয়া অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে । বাধ্যত পৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপোৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা দহখনকৈ অসমীয়া ভাষী ৰাইজে ।

বৃহত্তৰ মৰঙাৰ অঞ্চল হিচাপে পৰিচিত হৈ অহা দহখন গাঁও হল ক্ৰমে – পুৰাণগাঁও , নোৱাগাঁও , বৰগাঁও , লালুংপাম , নালাপাৰা , জয়গাঁও , বৰঘাটচাৰি , জাৰিকুছি , বৰকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত পুৰাণগাঁওৰ বাসিন্দা , মেঘালয় শক্তি বিতৰণ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা , বিশিষ্ট সমাজকর্মী , মনিন ৰাজাই জানিবলৈ দিয়া মতে তেওঁলোকৰ অঞ্চলটোত এতিয়াও আছে ১৯৫৬ চনতে অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে স্থাপন কৰা শংকৰদেৱ বিদ্যালয় । বিদ্যালয়ত এতিয়াও ৪০০ ৰো অধিক ছাত্ৰ – ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । তেনেদৰে মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষৰে তাহানিতে প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ । নামঘৰত এতিয়াও নিয়মীয়াকৈ নাম – প্ৰসংগৰ লগতে মহাপুৰুষ দুজনাৰ তিথি , জয়ন্তী আদিও পৰম্পৰাগত পালন কৰি অহা হৈছে ।

খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ বাবে হেঁচা একাংশ অসমীয়াক, অস্তিত্বৰ সংকটত মেঘালয়ৰ কেবাহাজাৰ অসমীয়া বাসিন্দা

দহখন গাওঁৰ বাসিন্দা সকলৰ ভিতৰত কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই সৰ্বাধিক । কাৰ্বি জনগোষ্ঠীৰ সংখ্যা বৰ্তমান হল ৫,৭৬৯ জন আৰু তাৰ বিপৰীতে মৰঙালী জনগোষ্ঠীৰ সংখ্যা হল ২,১৫৯ জন। চাৰিওকাষে খাচী প্ৰধান লোকৰ বসতি হোৱা বাবে শাৰীৰিক, মানসিক হেঁচাৰ বাবে এতিয়া নিজ ধৰ্ম পালনৰ ক্ষেত্ৰতো দহখন গাঁওৰ অসমীয়া ভাষী ৰাইজ বহু কষ্টৰ সন্মুখীন হব লগা হৈছে। আনকি তেওঁলোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰো হেঁচা প্ৰয়োগ কৰা হৈছে ।

যাৰ বাবে কেবাটাও পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লগা হৈছে । ইফালে যিসকল যুৱকে বিভিন্ন কাৰণত খাচী সম্প্ৰদায়ৰ ছোৱালী বিয়া কৰাইছে , সেই যুৱক সকল মেঘালয় মাতৃ প্ৰধান ৰাজ্য হোৱা বাবে স্বাভাৱিকভাবে খ্ৰীষ্টান ধৰ্মলৈ দীক্ষিত হৈছে। এই ধাৰা অব্যাহত থাকিলে অহা কেইবছৰমানৰ ভিতৰতে গৰিষ্ঠ সংখ্যক লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আশংকা আছে বুলি মনিন ৰাজাই সদৰি কৰিছে। যাৰ বাবে বৃহত্তৰ মৰঙাৰ অঞ্চলৰ দহখনকৈ অসমীয়া ভাষী গাওঁৰ ৰাইজে তেওঁলোকে অস্তিত্বৰ সংকটত ভুগিব লগা হোৱা বিষয়টোৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + fourteen =

Back to top button