AssamCMO AssamHimanta Biswa Sarmaleatest updatepoliticalRegional

মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব প্ৰস্তাৱ

কেবিনেট উপ সমিতিয়ে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত মিচিং স্বায়ত্বশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবেদন দাখিল কৰাৰ সেউজ সংকেত প্ৰদান কৰিছে।

অসমৰ দ্বিতীয় বৃহত জনগোষ্ঠী মিচিং সকলে মিচিং স্বায়ত্বশাসিত পৰিষদৰ এলেকাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ দাবীত দীঘলীয়া সংগ্ৰাম অব্যাহত ৰাখিছে। সাম্প্ৰতিক সময়ত মিচিং ছাত্ৰ সংগঠন সমূহে ন‌ ন‌ কৌশলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। উল্লেখযোগ্য যে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুক অধ্যক্ষ হিচাপে লৈ মিচিং, ৰাভা হাছং আৰু তিৱা স্বায়ত্বশাসিত পৰিষদ এলেকাক ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদান ক্ষেত্ৰত শক্তিশালী পৰীক্ষাৰ বাবে কেবিনেট উপ সমিতি গঠন কৰি দিছে।

অসম চৰকাৰৰ কেবিনেট উপ সমিতিৰ ওচৰত ইতিমধ্যেই মিচিং বানে কেবাঙে, TMPK আৰু  MMK ই সত্তৰ টা বছৰ ধৰি মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদান কৰিবলৈ নতুন নতুন মডেলৰ সৈতে স্মাৰক পত্ৰ দাখিল কৰি আহিছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এইবাৰ কেবিনেট উপ সমিতিয়েও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত মিচিং স্বায়ত্বশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবেদন দাখিল কৰাৰ সেউজ সংকেত প্ৰদান কৰিছে।

শীঘ্ৰে কেবিনেট উপ সমিতিয়ে ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ মিচিং স্বায়ত্বশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.