শ্ৰেণীবিহীন

২০২৪ বৰ্ষ আপোনাৰ কেনে যাব? ASTROLOGY, NUMEROLOGY, বাস্তু শাস্ত্ৰই কি কয়? জানো আহক এই বিষয়ে…..

২০২৪ বৰ্ষ আপোনাৰ কেনে যাব? ASTROLOGY, NUMEROLOGY, বাস্তু শাস্ত্ৰই কি কয়?

কেলেণ্ডাৰৰ পাতত ইতিহাস হৈ ওলমি ৰ’ল ২০২৩। আৰম্ভ নতুন বৰ্ষ। এই নতুন বছৰটি আপোনাৰ বাবে কেনে হ’ব? কেনে প্ৰভাৱ পৰিব আপোনাৰ জীৱনত? জ্যোতিষ সংখ্যাতত্ত্ব আৰু বাস্তু শাস্ত্ৰই এই সন্দৰ্ভত কি কয়? জানো আহক এই বিষয়ে…..

২০২৪ বৰ্ষ আপোনাৰ কেনে যাব? ASTROLOGY, NUMEROLOGY, বাস্তু শাস্ত্ৰই কি কয়? শনিৰ বছৰ ২০২৪ত আপুনি লাভ কৰিব কৰ্মফল। শনি আৰু মংগলত প্ৰভাৱিত হ’ব ২০২৪ বৰ্ষ। বছৰৰ প্ৰথমত শনিদেৱ থাকিব সিংহ ৰাশিত। বৃদ্ধি পাব দুৰ্ঘটনা। যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা। ২০২৪ত বৃদ্ধি পাব সংস্থাপন। ২০২৪ত গ্ৰহৰ স্থিতি কি হ’ব ?

মেষ ৰাশি – মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ বছৰ ২০২৪। সফলতা বিৰাজমান হ’ব। এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ স্বাস্থ্যৰ উন্নতি হ’ব। ধন-সম্পত্তিৰ অভাৱ নহ’ব। ঘৰ-সম্পত্তি, গাড়ী কিনাৰ যোগ।
বৃশ ৰাশি – কষ্ট কৰিলে ৰত্ন পাব। স্বাস্থ্য ভাল-বেয়াৰ মাজতে থাকিব। কাণ, নাক, ডিঙি আৰু হাড়ৰ ৰোগৰ সম্ভাৱনা। আৰ্থিক স্থিতি মধ্যম।
মিঠুন ৰাশি – মিশ্ৰিত ফল পাব। স্বাস্থ্যৰ যতন অধিক ল’ব লাগিব। কলেষ্টৰেল, লিভাৰ আৰু হাৰ্টৰ সমস্যা হ’ব পাৰে। খোৱা-বোৱাত ধ্যান নিদিলে বিপদ অনিবাৰ্য। সম্পত্তি কিনাৰ যোগ, পদোন্নতিৰ যোগ।
কৰ্কট ৰাশি – জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিপজ্জনক স্থিতি। চকু, নাৰ্ভ আৰু হাড়ৰ ৰোগত ভুগিব। কেৰিয়াৰত উন্নত, বিবাহৰ যোগ।
সিংহ ৰাশি – জীবনৰ নতুন আৰম্ভণি হ’ব। স্বাস্থ্যৰ বাবে মধ্যম। অস্থি, ৰক্তচাপজনিত ৰোগত ভোগাৰ সম্ভাৱনা। আৰ্থিক অৱস্থা সন্তোষজনক।
কন্যা ৰাশি – লাভদায়ক ফল। বছৰৰ শেষৰফালে অস্ত্ৰোপচাৰৰ যোগ। বছৰৰ প্ৰথমতে কেৰিয়াৰৰ উন্নতি। ধন–সম্পত্তিৰ ফালৰ পৰা উন্নতিৰ যোগ।
তুলা ৰাশি – উত্থান–পতনৰ যোগ। স্বাস্থ্যৰ অৱনতি। পেট, লিভাৰ, নাৰ্ভৰ সমস্যাত ভুগিব পাৰে। আৰ্থিকত মধ্যম।
বৃশ্চিক ৰাশি – এই বছৰটো মধ্যম। বাহন চলাওঁতেই সাৱধান হওক। আৰ্থিক অনাটনৰ যোগ। সম্পত্তি কিনাৰ যোগ আছে। চাকৰি সলনি নকৰিব।
ধনু ৰাশি – লাভদায়ক পৰিৱৰ্তন। স্বাস্থ্যৰ উন্নতি হ’ব। আৰ্থিক ব্যৱস্থাত উন্নতি লাভ আশা।
মকৰ ৰাশি – পূৰ্বৰ তুলনাত এই বৰ্ষ উন্নত। স্বাস্থ্য মধ্যম। আৰ্থিক অৱস্থাত উন্নতিৰ যোগ। বছৰৰ প্ৰথমতে চাকৰিৰ পৰিৱৰ্তনৰ আশা।
কুম্ভ ৰাশি– আকস্মিক পৰিৱৰ্তন আহিব পাৰে জীৱনলৈ। সম্পৰ্ক মধুৰ হ’ব। বিবাহৰ যোগ দেখা যায়। স্বাস্থ্যৰ বাবে সাৱধান হওক।
মীন ৰাশি – পুৰণি সমস্যা সমাধান হ’ব। স্বাস্থ্য ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত স্থিৰতা আহিব।

নম্বৰ ১ – জন্মসংখ্যা ১ৰ ঘৰৰ লোকসকলে এই বছৰ ভাল ফল পাব
নম্বৰ ২ – জন্মসংখ্যা ২ৰ ঘৰৰ লোকসকল মানসিক সমস্যাৰ বলি হ’ব
নম্বৰ ৩ – জন্মসংখ্যা ৩ৰ ঘৰৰ লোকৰ শিক্ষা, আধ্যাত্মিক, ৰাজনৈতিক দিশত সফলতা
নম্বৰ ৪ – জন্মসংখ্যা ৪ৰ ঘৰৰ লোকসকল সাৱধানে চলা দৰকাৰ
নম্বৰ ৫ – জন্মসংখ্যা ৫ৰ ঘৰৰ লোকসকলৰ বাবে এই বৰ্ষটো অতি শুভ
নম্বৰ ৬ – জন্মসংখ্যা ৬ৰ ঘৰৰ লোকসকলৰ বাবে এই বৰ্ষটো অতি শুভ
নম্বৰ ৭ – জন্মসংখ্যাৰ ৭ৰ ঘৰৰ লোকসকল মানসিক অশান্তিত ভুগিব
নম্বৰ ৮ – জন্মসংখ্যা ৮ৰ ঘৰৰ লোকসকলৰ জীৱনত অলৌকিক ঘটনা ঘটিব
নম্বৰ ৯ – জন্মসংখ্যা ৯ৰ ঘৰৰ লোকসকলৰ আত্মসংযমৰ প্ৰয়োজন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button