অসমআঞ্চলিক

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড! চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা এজনক

পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কটাহীত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড। ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা কৰা হয় এজন লোকক

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড! চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা এজনক

পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কটাহীত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড। ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা কৰা হয় এজন লোকক৷ মৃত লোকজন দুটি সন্তানৰ পিতৃ পৰেশ চহৰীয়া বুলি জানিব পৰা গৈছে ৷ হত্যাকাণ্ডটো সংঘটিত কৰে একে চুবুৰীৰে জিতুমনি নাথ ওৰফে মেধিয়ে৷

হত্যাকাণ্ডৰ পূৰ্বে পৰেশৰ পিতৃ-মাতৃক ঘৰত আহি অশালীন ব্যৱহাৰ কৰিছিল হত্যাকাৰী জিতুমণিয়ে। যাৰ বাবে অসহ্য হৈ জিতুমণিক ঘৰৰ পৰা উলিয়াই দিছিল পৰেশ চহৰীয়াই৷ পৰিণতিত ঘৰৰ ভিতৰত থকা পৰেশ চহৰীয়াক ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালতে হত্যা কৰে জিতুমনি নাথে ৷

ঘটনাস্থলীত ছিপাঝাৰ আৰু পাথৰিঘাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা হত্যাকাৰী জিতুমনি নাথক পুৱতি নিশা আটক কৰে আৰক্ষীয়ে৷ নিশাৰ ভিতৰতে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.