ভাৰত

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বোৱাৰী!

ম্বাইত অনুষ্ঠিত Mr. আৰু Mrs. SD ইউনিভাৰ্চ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল সোণাৰিৰ বোৱাৰী পূৰ্ণিমা দিহিঙ্গীয়াই

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমৰ বোৱাৰী!

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল সোণাৰিৰ বোৱাৰী পূৰ্ণিমা দিহিঙ্গীয়া। মুম্বাইত অনুষ্ঠিত Mr. আৰু Mrs. SD ইউনিভাৰ্চ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ’ল সোণাৰিৰ বোৱাৰী গৰাকীয়ে।

২৫ আৰু ২৬ আগষ্টত Sky Plus Multimedia & sadak productionৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মিছেছ এছ ডি ইউনিভাৰ্চ শাখাত বিজয়ী হৈ সোণাৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে পূৰ্ণিমাই।

উল্লেখ্য যে এগৰাকী বোৱাৰী হৈ ঘৰ তথা পৰিয়ালৰ নিত্যনৈমিত্তিক কৰ্মত ব্যস্ত থকাৰ মাজতে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিগত সময়তো বহু কেইটা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছিল সোণাৰিৰ এইগৰাকী বোৱাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.