অসমআঞ্চলিক

মহানগৰীৰ চানমাৰীত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি! মূল-পথৰ মাজতেই স্কুটী পাৰ্কিং যুৱকৰ

এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চানমাৰী আৰক্ষী থানাৰ সন্মুখতে এই ঘটনা

মহানগৰীৰ চানমাৰীত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি! মূল-পথৰ মাজতেই স্কুটী পাৰ্কিং যুৱকৰ

 

মহানগৰীৰ মূল-পথৰ মাজ-মজিয়াতে সুৰাসক্ত যুৱকৰ স্কুটী পাৰ্কিং৷ এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চানমাৰী আৰক্ষী থানাৰ সন্মুখতে এই ঘটনা। যান-বাহন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। বহু সময় ধৰি তীব্ৰ যান-যঁটৰ সৃষ্টি হয় উক্ত স্থানত।

BJP ৰ ৰাষ্ট্ৰীয় সভাপতি কে ধৰি বহু সংখ্যক VVIP, VIP মহানগৰীত উপস্থিত থকাৰ সময়তে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰীৰ নিৰাপত্তাৰ দিশক লৈ। ফুট সন্ধিয়াতে কেনেদৰে একাংশ নিচাসক্ত যুৱকে মহানগৰীৰ মাজ-মজিয়াতে এনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে, তাৰেই আন এক জলন্ত উদাহৰণ আজিৰ এই ঘটনা।

দীৰ্ঘদিনে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহা যুৱকজনৰ নাম ত্ৰলোক্য দাস ওৰফে ৰাজু বুলি জানিব পৰা গৈছে। ইতিমধ্য আৰক্ষীয়ে যুৱকজনক ঘটনাস্থলীতে নিচাসক্ত অৱস্থাত আটক কৰিবলৈ সক্ষম হৈছে৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button