খেলজীৱনশৈলীদৈনিক বাতৰি

‘বিগ বি’ অমিতাভ বচ্চনৰ সৈতে কিহত ব্যস্ত স্বৰ্ণজয়ী নীৰজ চোপ্ৰা?

নীৰজ আৰু শ্ৰীজেশৰ প্ৰৱেশেৰে আৰম্ভ হোৱা প্ৰম’টো, অনুষ্ঠানটোৰ সঞ্চালক অমিতাভ বচ্চনৰ ‘হিন্দুস্তান জিন্দাবাদ’ৰ সৈতে সামৰণি পৰে

টকিঅ’ত দেশৰ নাম উজ্বলাই দেশবাসীৰ সপোন পূৰণ কৰিলে জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই। দেশবাসীৰ সপোন পূৰণ কৰাৰ পিছত এতিয়া এটা এটাকৈ নিজৰ সপোনবোৰ পূৰণত ব্যস্ত স্বৰ্ণজয়ী ভাৰতীয় এথলীট নীৰজ চোপ্ৰা।

পিতৃ-মাতৃৰ সৈতে আকাশীযানেৰে যাত্ৰা কৰাৰ পাছত পোনপটীয়াকৈ অমিতাভ বচ্চনৰ মুখামুখি হ’ব দ্য গ’ল্ডেন বয়। বিগ বিৰ প্ৰশ্নৰ সন্মুখীন হ’ব নীৰজ। নীৰজ চোপ্ৰাই চলিত সপ্তাহত KBCৰ শুকুৰবাৰৰ খণ্ডটোত উপস্থিত থাকিব। তেওঁৰ লগতে অনুষ্ঠানটোত আন এজন পদক বিজয়ী অলিম্পিয়ান পি আৰ শ্ৰীজেশো উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে। ‘কৌন বনেগা কৰোড়পতি’ৰ বিশেষ খণ্ডটো চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্শকসকল।

KBCৰ নতুন প্ৰ’ম’ দেখি উৎসাহিত হৈ পৰিছে দৰ্শক। অনুষ্ঠানটো জাকত-জিলিকা হোৱাৰে ইংগিত বহন কৰিছে শেহতীয়া প্ৰম’টোৱে । নীৰজ আৰু শ্ৰীজেশৰ প্ৰৱেশেৰে আৰম্ভ হোৱা প্ৰম’টো, অনুষ্ঠানটোৰ সঞ্চালক অমিতাভ বচ্চনৰ ‘হিন্দুস্তান জিন্দাবাদ’ৰ সৈতে সামৰণি পৰে। এই খণ্ডটো সম্প্ৰচাৰিত হ’ব ১৭ ছেপ্টেম্বৰত। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে KBCৰ প্ৰম’।

উল্লেখ্য যে, KBCত প্ৰতি শুক্ৰবাৰে অমিতাভ বচ্চনৰ বিপৰীতে হট চিটত দেশৰ বিভিন্ন প্ৰান্তৰ চেলিব্ৰেটীসকল উপস্থিত থাকে। বিগত সপ্তাহটোত দীপিকা পাডুকন আৰু ফাৰা খান বিগ বি-ৰ সৈতে উপস্থিত আছিল। ইয়াৰ পূৰ্বৰ খণ্ডত সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগ উপস্থিত আছিল। স্বাভাৱিকতে KBCৰ শুকুৰবাৰৰ খণ্ডবোৰ জীৱনৰ বহু অকথিত গল্প আৰু ধেমালিৰে ৰোমাঞ্চকৰ হৈ উঠে। আনহাতে, চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা ‘কৌন বনেগা কৰোড়পতি’ চিজন-১৩ আৰম্ভ হৈছে। আগ্ৰাৰ হিমানী বুন্দেলাই চলিত ছিজনৰ প্ৰথম কোটিপতি হিচাপে কৃতিত্ব অৰ্জন কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.