Socialঅসমআঞ্চলিক

ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাংবাদিক পেন্সন

প্ৰকাশ পালে অসম সাংবাদিক পেন্সন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেন্সনাৰসকলৰ তালিকা

শনিবাৰে ঘোষণা কৰা হয় অসম সাংবাদিক পেন্সন আঁচনিৰ অধীনত চলিত বৰ্ষৰ পেন্সনাৰসকলৰ নাম। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ জৰিয়তে প্ৰদান কৰিবলগীয়া এই পেন্সন ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’ব। নিৰ্বাচিত ব্যক্তিৰ তালিকাত আছে ২০ গৰাকীকৈ অৱসৰপ্ৰাপ্ত সাংবাদিকৰ নাম।

 

 

বাচনিকৃত সাংবাদিকৰ তালিকাত আছে ক্ৰমে, উৎপল বৰদলৈ (কামৰূপ মহানগৰ), প্রদীপ ঘোষ (দৰং), মছলেম উদ্দিন আহমেদ (ধুবুৰী), মাহতাবুৰ ৰহমান (কৰিমগঞ্জ), ৰাতুল বৰা (যোৰহাট), জয়ন্ত কুমাৰ দাস (কামৰূপ মহানগৰ), ইমৰান হুছেইন (ওদালগুৰি), বাচা বৰা (চৰাইদেউ), পদ্ম সিং (কামৰূপ মহানগৰ), গৌৰেন্দু চক্ৰৱৰ্তী (কামৰূপ মহানগৰ), মণি শংকৰ পুরকায়স্থ (কাৰবি আংলং) মদন মোহন অধিকাৰী (কাছাৰ), ৰামলাল সিন্হা (কামৰূপ মহানগৰ), বিনয় কুমাৰ শৰ্মা (কামৰূপ মহানগৰ), ৰবীন বৰুৱা (কাৰবি আংলং), সমীন্দ্ৰ নাথ (কামৰূপ মহানগৰ), ঈশ্বৰ প্ৰসাদ তামুলী (গোলাঘাট), কুমুদ চন্দ্ৰ ডেকা (নলবাৰী), ললিত চন্দ্ৰ কলিতা (কামৰূপ মহানগৰ), আৰু ৰত্নেশ কুমাৰ (কামৰূপ মহানগৰ) ৰ নাম।

 

 

উল্লেখযোগ্য যে, অসম চৰকাৰে ২০১৭-১৮ বৰ্ষত আৰম্ভ কৰিছিল এই আঁচনিখন। প্রতিবছৰে ২০ গৰাকীকৈ সাংবাদিকক তেওঁলোকৰ আবেদনৰ ভিত্তিত নির্দিষ্ট প্রক্রিয়াৰে বাচনি কৰা হয় এই আঁচনিৰ বাবে। বৰ্তমানলৈকে মুঠ ১০০ গৰাকী সাংবাদিকে প্ৰতিমাহে ৮,০০০ টকালৈ এই পেন্সন লাভ কৰি আছে। চলিত বৰ্ষত বাচনি কৰা ২০ গৰাকীৰে এই সংখ্যা বৃদ্ধি পালে ১২০ গৰাকীলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.