অসমআঞ্চলিকপৰিৱেশ

মৰাণৰ খোৱাঙৰ পথাৰত সপোন ৰচিছে আফ্ৰিকাৰ এজন যুৱকে

যুৱকজন এতিয়া ব্যস্ত হৈ পৰিছে খোৱাঙৰ ধাননি পথাৰত। গাওঁৰ ৰাইজৰ লগতে একেলগে মাৰিছে জাকৈ

মৰাণৰ খোৱাঙৰ পথাৰত সপোন ৰচিছে আফ্ৰিকাৰ এজন যুৱকে। যুৱকজন এতিয়া ব্যস্ত হৈ পৰিছে ধাননি পথাৰত। গাওঁৰ ৰাইজৰ লগতে একেলগে জাকৈ মাৰিছে।

 

যিটো সময়ত অসমৰ কৃষকৰ মাজত খেতিৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, শ শ বিঘা মাটি চন পৰি ৰৈছে , সেইসময়তে মৰাণৰ খোৱাঙত সেউজীয়া খেতিপথাৰৰ মাজে-মাজে ঘূৰি ফুৰিছে আফ্ৰিকাৰ মালিদেশৰ ‘জাঙা এমানুলঅ’ৰী’ নামৰ ২৮ বছৰীয়া যুৱকজন।গাওঁৰ ৰাইজৰ সৈতে একেলগে জাকৈ মাৰি মাছ ধৰিছে।

 

নৱপ্ৰজন্মক খেতিত মনোনিৱেশ কৰিবলৈ আহ্বান জনালে ‘জাঙা এমানুলঅ’ৰী’ বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ মহলত অধ্যয়নৰত এজন ছাত্ৰ।অসমৰ খেতিপথাৰ চাবলৈ ‘জাঙা এমানুলঅ’ৰী’ আহি উপস্থিত হয় মৰাণৰ খোৱাঙৰ খেতি পথাৰত। একাঠু বোকা গচকি সেউজীয়া হৈ পৰা পথাৰবোৰ এফালৰ পৰা ৰ’ লাগি চাই গ’ল এমানুলঅ’ৰীয়ে। কেৱল খেতি চোৱাই নহয়, গাঁৱৰ ৰাইজৰ সৈতে একেলগে জাকৈ লৈ মাছো ধৰিলে।

 

অসমৰ প্ৰাকৃতিক দৃশ্য দেখি আপ্লুত হৈ পৰা যুৱকজনে নৱপ্ৰজন্মক খেতিত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। যুৱকজনে কয় যে, খেতিয়ে আমাৰ ইখন দেশৰ লগত সিখন দেশৰ সম্বন্ধ বিলাক গঢ়ি তোলে। সেয়ে আমি প্ৰথমে খেতিক গুৰুত্ব দিব লাগিব। আফ্ৰিকাৰ মালিদেশত চাকৰি পোৱাটো বৰ কঠিন। তাৰ বেছি সংখ্যক লোকেই ধান, কপাহ আদিৰ খেতি কৰি জীৱন-যাপন কৰে। ভাষা, প্ৰাকৃতিক পৰিৱেশ বিলাক মিল নাথাকিলেও খেতিপথাৰ সমূহৰ প্ৰায়ও মিল আছে অসমৰ সৈতে।

 

২০২১ চনৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা যুৱকজনে তেওঁৰ নিজ দেশৰ এজন শিক্ষক বুলিও জানিবলৈ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 5 =

Back to top button