অসমপৰিৱেশবতৰ

বাৰিষাৰ বানত ফুলকুমলীয়া শিশুৰ সলিল সমাধি

মৰিগাঁৱত পানীত পৰি মৃত্যু ৭ বছৰীয়া শিশুৰ

অসমত বানৰ সংহাৰ কোনো নতুন বিষয় নহয়। প্ৰত্যেকবছৰে বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰে অসমত। বছৰ-বছৰ ধৰি থকা এই সমস্যাৰ আজিলৈকে নোলাল কোনো সমাধানসূত্ৰ।

এইবাৰ মায়ঙবাসীৰ বাবে যেন অভিশাপ হৈ আহিল বানপানী । ৰাজ্যত বাৰিষাৰ প্ৰথমটো বান অহাৰ সময়তে মৰিগাঁও জিলাৰ মায়ঙ ৰাজহচক্ৰৰ অন্তৰ্গত আশীঘৰ গাৱঁত পানীত পৰি মৃত্যু হ’ল এটি শিশুৰ ৷ মজিবুৰ ৰহমান আৰু মাজেদা খাতুনৰ ৭ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান আছিল মৃত মুস্তাকিন আলম। আজি পুৱা প্ৰায় ৯ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হয় শিশুটি ৷ পৰিয়ালৰ মানুহ আৰু ওচৰ-চুবুৰীয়াই বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত দুপৰীয়া ঘৰৰ সন্মুখতেই পানীৰ পৰা উদ্ধাৰ কৰা হয় শিশুটিক।

অচেতন অৱস্থাত থকা শিশুটিক ততাতৈয়াকৈ ঝাৰগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটি মৃত বুলি  ঘোষণা কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি পৰিছে শোকৰ ছাঁ। উল্লেখ্য যে, শিশুটি আদৰ্শ মাৰ্কাজ একাডেমিৰ কে.জি.ত অধ্যয়নৰত আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − four =

Back to top button