অসমআন্তঃৰাষ্ট্ৰীয়

আন্তৰ্জাতিক প্ৰেক্ষাপটত পুনৰ উজ্বলিল অসম

আন্তৰ্জাতিক চন্দ্ৰ দিৱস (International Moon Day) উপলক্ষে অনুষ্ঠিত কৰা ফটোগ্ৰাফী প্ৰতিযোগিতাত স্থান লাভ অসম সন্তান গৌতম ডেকাৰ

আন্তৰ্জাতিক প্ৰেক্ষাপটত উজ্বলিল অসম সন্তান। আন্তৰ্জাতিক চন্দ্ৰ দিৱস (International Moon Day) উপলক্ষে Indian Space Research Organization চমুকৈ ISROয়ে অনুষ্ঠিত কৰা ‘Moon Shot’ শীৰ্ষক ফটোগ্ৰাফী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমৰ ফটোগ্ৰাফাৰ গৌতম ডেকাই।

 

২০ জুলাইত অনুষ্ঠিত এই ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সমূহ ISROৰ ৱেবছাইত যোগে যোৱা ১০ আগষ্টত উপলব্ধ হয়, য’ত অসম সন্তান গৌতম ডেকাই তালিকাৰ শীৰ্ষস্থান স্থান দখল কৰে।

 

উল্লেখ্য যে, ১৯৬৯ চনৰ ২০জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং আৰু বাজ কলিন্সে চন্দ্ৰত অৱতৰণ কৰিছিল। সেইবাবে প্ৰতি বছৰৰ ২০জুলাই তাৰিখে পালন কৰা হয়।আন্তৰ্জাতিক চন্দ্ৰ দিৱস।

 

২০১২ চনত ফটোগ্ৰাফীক পেছা হিচাপে লোৱা মঙলদৈৰ কাটলিপাৰাৰ বাসিন্দা গৌতম ডেকাই পিছলৈ এষ্ট্ৰো ফটোগ্ৰাফীৰ প্ৰতিও আগ্ৰহ গঢ়ি তোলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − four =

Back to top button