অসমগুৱাহাটী

মহাকাশলৈ উৎক্ষেপণ হ’ব ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট। কোনে কেতিয়া কৰিব উৎক্ষেপণ

মহাকাশলৈ উৎক্ষেপণ কৰিবলগীয়া ৰকেটটোৰ নাম দিয়া হৈছে 'বিক্ৰম-১'

শনিবাৰে ৰূপায়ণ হ’ব দেশৰ ষ্টাৰ্ট আপৰ এক অভিলাষী প্ৰকল্প। মহাকাশলৈ উৎক্ষেপণ হ’ব ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট। স্কাইৰুট এৰ’স্পেচ নামৰ হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ কোম্পানীটোৱে উৎক্ষেপণ কৰিবলগীয়া ৰকেটটোৰ নাম দিয়া হৈছে ‘বিক্ৰম-১’। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰতিষ্ঠাতা তথা প্ৰখ্যাত বিজ্ঞানী ডঃ বিক্ৰম ছাৰভাইৰ স্মৃতিত এই ৰকেটৰ নাম ৰখা হৈছে।

 

 

ইতিমধ্যে স্কাইৰুট এৰ’স্পেচ কোম্পানীয়ে ইতিমধ্যে সাজু কৰি তুলিছে বিক্ৰম-১, বিক্ৰম-২, বিক্ৰম-৩ ৰকেট। বিক্ৰম-১ ৰকেটে ৪৮০ কিঃগ্ৰাঃ, বিক্ৰম-২ য়ে ৫৯৫ আৰু বিক্ৰম-৩ য়ে ৮১৫ কিঃগ্ৰাঃ ওজনৰ সামগ্ৰী মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব। স্কাইৰুট এৰ’স্পেচৰ প্ৰথম ৰকেট উৎক্ষেপণ কাৰ্যসূচীৰ নাম হৈছে প্ৰাৰম্ভ। সোমবাৰে বেংগালুৰুত ‘প্ৰাৰম্ভ’ৰ শুভাৰম্ভ ঘটায় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে। স্কাইৰুট এৰ’স্পেচৰ সহঃ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী পৱন কুমাৰ চন্দনা হ’ব ‘প্ৰাৰম্ভ’ৰ মিছন সঞ্চালক। উল্লেখ্য যে স্কাইৰুট এৰ’স্পেচে ইতিমধ্যে ৪০৩ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে। মহাকাশ অভিযানত ভাৰতত ই এতিয়ালৈকে ব্যক্তিগত খণ্ডত প্ৰথমটো বৃহৎ বিনিয়োগ। অন্ধপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা, উৎক্ষেপণ হ’ব বিক্ৰম-১ ৰকেট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.