অসমআঞ্চলিকদুৰ্ঘটনাদৈনিক বাতৰি

বিধ্বস্ত ঘাইপথৰ বাবেই দেৰগাঁৱৰ ৰাজপথত বাগৰিল কাঠ বোজাই অনা বৃহৎ ট্ৰাক

বিধ্বস্ত ঘাইপথৰ বাবেই দেৰগাঁৱৰ ৰাজপথত বাগৰিল কাঠ বোজাই অনা বৃহৎ ট্ৰাক

বিধ্বস্ত ঘাইপথৰ বাবেই দেৰগাঁৱৰ ৰাজপথত বাগৰিল কাঠ বোজাই অনা বৃহৎ ট্ৰাক। চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ লেহেমীয়া গতিৰ বাবেই দেৰগাঁৱৰ ৩নং গেটৰ সমীপত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে দুৰ্ঘটনা। ৩নং গেটৰ সমীপতে থকা এটা কালভাৰ্টৰ নিৰ্মাণ এতিয়াও সম্পূৰ্ণ হোৱা নাই।

বুধবাৰেও পুৱাৰ ভাগত অৰুনাচলৰ নামচাইৰ পৰা সম্পূৰ্ণ বৈধভাৱে কাঠ কঢ়িয়াই অনা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টটোৰ কাষতে পথৰ ওপৰত বাগৰি পৰে। সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনোলোক হতাহত হোৱা নাই। এতিয়া NHIDHL ৰ এনে লেহেমীয়া গতিৰ কামক লৈ ক্ষোভিত হৈ পৰিছে দেৰগাঁওবাসী। এই স্থানত ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই কালভাৰ্টৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে বিভাগীয় কৰ্তৃপক্ষক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.