অসমচিকিৎসাছিংগাপুৰদৈনিক বাতৰিবিশ্বভাৰতশিল্পীসংগীতসংস্কৃতিস্বাস্থ্য

উত্তপ্ত অগ্নিয়ে সাবতি লʼলে জুবিন গাৰ্গৰ ন/শ্বৰ দেহ

চিৰদিনৰ বাবে প/ঞ্চভূ/তত বিলীন হৈ পৰিল জুবিন

জুবিনৰ মৃ/ত্যুৱেও ৰচিলে ইতিহাস। চিৰকাললৈ কোনেও ভাঙিব নোৱাৰা পাহাৰৰ সদৃশ ইতিহাস ৰচি প/ঞ্চভূ/তত হেৰাই গʼল জুবিন কোনোদিন উভতি নহাৰ বাটেৰে। প্ৰায় ১০ লক্ষাধিক লোকে সমদলে আহি শেষ শ্ৰদ্ধাঞ্জলি জনালে প্ৰাণৰ শিল্পী গৰাকীক। চিৰকাললৈ বিশ্বৰ চতুৰ্থ বৃহৎ সমদলৰ গৰাকী হৈ পৰিল  জুবিন।

মঙ্গলবাৰে পুৱা GMCH ত দ্বিতীয় বাৰৰ বাবে ম/ৰণোত্তৰ পৰীক্ষা কৰা হʼল জুবিন গাৰ্গৰ। GMCM ত AIIMS ৰ চিকিৎসকৰ উপস্থিতিত সফলতাৰে সমাপন হʼল ম/ৰণোত্তৰ পৰীক্ষা। ইয়াৰ পিছতে পুনৰ সৰুসজাইলৈ লৈ যোৱা হʼল জুবিনৰ ন/শ্বৰ দেহ। শেষ বাৰৰ বাবে তেখেতৰ প্ৰিয় ড্ৰেগন পোচাকজোৰ পৰিধান কৰোৱাই সোণাপুৰৰ হাতীমুৰালৈ শে/ষকৃ/ত্যৰ বাবে লৈ যোৱা হʼল। স্ব নয়নেৰে জুবিনৰ শে/ষকৃ/ত্য চাবলৈ হেতা-ওপৰা লগালে লক্ষাধিক লোকে।

কোনোকালে জুবিনৰ অনুষ্ঠান দেখি নোপোৱাজনেও জুবিন নামৰ চকুলো টুকিলে। গছৰ টিকনি বগাই একথৰে চাই ৰʼল সকলোৱে জুবিন গাৰ্গৰ শে/ষকৃ/ত্য। শৰীৰত সুগন্ধি চন্দন লেপি ৰঙা চন্দনৰ পবিত্ৰ চি/তাত উঠাই দিলে জুবিনৰ ন/শ্বৰ দেহ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হʼল তেখেতলৈ। সীতাজখলাই আগবঢ়ালে ১০০ কিলোগ্ৰাম ঘিউ। নিজৰ ওপজা দিনত কলাক্ষেত্ৰত নিজ হাতেৰে জুবিনে ৰোপন কৰা চন্দন জোপা কাটি পেলোৱা হʼল জুবিনৰ বাবে, চি/তাত তুলি দিলে গছজোপাৰ খৰি। ভগ্নী পামী বৰঠাকুৰৰ লগত ৰাহুল গৌতম শৰ্মাই মুখা/গ্নি কৰি বিদায় দিলে জুবিনক। ৰৈ গʼল মাথোঁ তেখেতৰ চি/তাভ/স্ম।

অসমৰ ইতিহাসত এয়াই প্ৰথম আৰু এয়াই শেষ। অনন্ত কাললৈ অমৰ হৈ ৰৈ গʼল জুবিন। দিনৰ ১২.২৩ মিনিটত দিয়া হʼল জুবিনৰ চি/তাত জুই। দাউ দাউকৈ জ্বলি উঠিল প্ৰতিগৰাকী অনুৰাগীৰ হৃদয়। এক অসহনীয় দৃশ্য অনিচ্ছা স্বত্বেও চাব লগীয়া হʼল প্ৰতিজন অসমীয়াই। মায়াবিনী হৈ পৰিল প্ৰাৰ্থনা। উকা পৰিল অসম, শেষ হʼল জুবিন নামৰ এটি যুগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.