আপোনাৰ গাড়ীখন কিমান দিনলৈ ভালে থাকিব?
দাম বাঢ়িছে পেট্ৰ'লৰ, ইথানলৰ বঢ়া নাই... তেন্তে ইথানল মিহলি পেট্ৰলৰ দাম বাঢ়িল কিয় ?

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে পেট্ৰল ডিজেল ক’মকৈ ব্যৱহাৰ কৰক। তাৰ মাজতে পেট্ৰলৰ দাম বাঢ়িল দুবাৰকৈ। ১১ দিনত পেট্ৰলৰ দাম বাঢ়ি হ’লগৈ ১০৫.৭৯টকা। অৱশ্যেই এয়া পুৰণি খবৰ। তেনেহ’লে নতুন খবৰ কি ? নতুন খবৰ এয়া পূৰ্বৰ তুলনাত প্ৰতি লিটাৰ পেট্ৰলত ১০ শতাংশ বৃদ্ধি পাব ইথানলৰ ব্যৱহাৰ।
পূৰ্বে ১লিটাৰত আছিল ৮০০ মিলিলিটাৰ পেট্ৰ’ল, ২০০ মিলিলিটাৰ ইথানল
আৰু নতুন নিয়ম অনুসৰি…
এতিয়াৰে পৰা ১ লিটাৰত থাকিব ৭০০ মিলিলিটাৰ পেট্ৰ’ল, ৩০০ মিলিলিটাৰ ইথানল

নতুন খবৰৰ জনসাধাৰণৰ মূৰত পৰিবলগীয়া মূল twist হ’ল যে আপুনি কিনিবলগীয়া ১০৫.৭৯টকা মূল্যৰ প্ৰতিলিটাৰ পেট্ৰলৰ সৈতে ইথানলৰ বাবদো দিব লাগিব বৰ্ধিত মূল্য।
ইথানলৰ দাম বঢ়া নাই, তথাপিও আমি দিছো বৰ্দ্ধিত মূল্য ।ইথানল মিহলি পেট্ৰলৰ দাম বাঢ়িল কিয় ?
বিষয় কেৱল ইথানল মিহলি দেশখনৰ নহয়, এই বিষয় এনে এখন দেশৰ যিয়ে ৮০ শতাংশ তেল কেৱল আমদানি কৰে।
ইথানল সস্তা, তথাপিও পেট্ৰ’ল কিয় ১০৫.৭৯ টকা ?
দেশত পেট্ৰ’লৰ দাম এতিয়াও ১০৩ৰ পৰা ১০৫ টকা পৰ্যন্ত । কিন্তু বৰ্তমান অধিকাংশ পাম্পত বিক্ৰী হোৱা পেট্ৰ’ল হৈছে E20 – অৰ্থাৎ ২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল।
প্ৰশ্ন উঠিছে—
যদি ইথানল তুলনামূলক সস্তা, তেন্তে ১ লিটাৰ পেট্ৰ’লত থকা ২০০ মিলিলিটাৰ ইথানলৰ বাবেও কিয় গ্ৰাহকে পূৰ্ণ পেট্ৰ’লৰ দাম দিব লগীয়া হৈছে?
আমাৰ ৰাজ্যত পেট্ৰ’ল ডিপ’বোৰে এতিয়া সম্পূৰ্ণ ধন আদায় দি কিনিবলগীয়া হয় তেল। কেইখনমান চালানলৈ মন কৰক। এয়া প্ৰথম খবৰৰ অনুসন্ধানত পোহৰলৈ অহা ভয়াৱহ তথ্য। পেট্ৰলত কিমান পৰিমাণৰ ইথানল মিহলি থাকে তাৰেই দলিল এয়া।
এতিয়া জানো আহক এই EXCLUSIVE চালানত থকা E20 মানে কি?
১ লিটাৰ E20 পেট্ৰ’ল
৮০০ ml পেট্ৰ’ল
২০০ ml ইথানল
ভাৰতত ধাপে ধাপে E20 ইন্ধন ব্যৱস্থা আৰম্ভ কৰিছে চৰকাৰে। শেহতীয়া জাননী অনুসৰি শীঘ্ৰেই ব্যৱহাৰ হ’ব E30 ইন্ধন ব্যৱস্থা।
১ লিটাৰ E30 পেট্ৰ’ল
৭০০ ml পেট্ৰ’ল
৩০০ ml ইথানল
বিদেশৰ ওপৰত খনিজ তেলৰ নিৰ্ভৰশীলতা কমোৱা আৰু প্ৰদূষণ হ্ৰাস কৰিবলৈ এই সিদ্ধান্ত বুলি বাৰে – বাৰে দাবী কৰি আহিছে চৰকাৰে। কিন্তু এতিয়া গ্ৰাহকৰ মাজত নতুন বিতৰ্ক।
যেতিয়া ইথানলৰ উৎপাদন খৰচ সাধাৰণ পেট্ৰ’লতকৈ কম, তেতিয়া মিশ্ৰিত ইন্ধনৰ দামো কম হ’ব লাগিছিল। কিন্তু সেয়া নহল.. পৰিৱৰ্তে ইথানল মিহলি পেট্ৰলৰ দাম বাঢ়িল।
এতিয়া গণিতৰ জৰিয়তে যদিহে
৮০০ ml পেট্ৰ’লৰ মূল্য ধৰা হয় উচ্চ হাৰত, ২০০ ml ইথানল সস্তা
তেন্তে সৰ্বমুঠ মূল্য কম হ’ব লাগিছিল
পেট্ৰ’লৰ মূল্যত থাকে –
কেন্দ্ৰীয় আবকাৰী শুল্ক, ৰাজ্যিক VAT, পৰিবহণ ব্যয়, ডিলাৰ কমিশ্যন, তেল কোম্পানীৰ প্ৰচেছিং খৰচ, আন্তঃৰাষ্ট্ৰীয় ক্ৰুড অইল বজাৰ । গতিকে গ্ৰাহকে কেৱল পেট্ৰ’ল নহয়, সম্পূৰ্ণ ইন্ধন ব্যৱস্থাৰ মূল্য পৰিশোধ কৰে ।
ইথানল মিশ্ৰণৰ পিছতো ইন্ধন ব্যৱস্থাৰ মূল্য হ্ৰাস কিয় নহয় ?
চৰকাৰৰ তথ্য অনুসৰি ইথানল মিহলিৰ ফলত হাজাৰ হাজাৰ কোটি টকাৰ বিদেশী মুদ্ৰা সঞ্চয় হৈছে।একেসময়ে কুহিঁয়াৰ, গম আৰু বায়’ফিউল উদ্যোগো লাভবান হৈছে।

কিন্তু সাধাৰণ গ্ৰাহকৰ মূল প্ৰশ্ন এতিয়াও একেই –
যদি মিশ্ৰণত সস্তা উপাদান আছে, তেন্তে তাৰ সুবিধা গ্ৰাহকে কিয় পোনপটীয়াকৈ নাপায়?
ইথানল কি?
ইথানল একপ্ৰকাৰৰ সুৰা । ইথানল তৈয়াৰ হয় কুহিঁয়াৰ, গম, ধান আদি শস্যৰ ৰসৰ দ্বাৰা ।
কেন্দ্ৰীয় চৰকাৰৰ দাবী – ইথানল মিহলিৰ ফলত CRUDE OILৰ আমদানি কমে
বিদেশী মুদ্ৰা সঞ্চয়
কৃষক লাভবান
দূষণ কিছু হ্ৰাস
Biofuel sector বৃদ্ধি
পেট্ৰলত ইথানল মিহলিৰ ফলত পুৰণি ইঞ্জিনত mileage কমাৰ অভিযোগ ।বাহন সোনকালে বেয়া হোৱাৰ অভিযোগ ইথানল মিশ্ৰণক চৰকাৰে “ভৱিষ্যতৰ ইন্ধন নীতি” বুলি বৰ্ণনা কৰিছে।
কিন্তু দামৰ স্বচ্ছতা আৰু গ্ৰাহকৰ লাভ— এই দুটা বিষয় এতিয়া জনসাধাৰণৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু। E20 সঁচাকৈয়ে সস্তা আৰু পৰিবেশবান্ধৱ বিকল্প নে কেৱল নতুনৰ নামত বৰ্দ্ধিত পুৰণি মূল্য ?
প্ৰশ্নবোধকৰ আকাৰ বহু ডাঙৰ….