১১ বছৰে হোৱা নাছিল এনে, বৃহৎ সংকটৰ সন্মুখীন হ’ব ভাৰতৰ কৃষি-অৰ্থনীতি!
২০১৫ চনৰ পিছত পুনৰ গৰমে অভিলেখ চলিত বৰ্ষত। স্বাভাৱিকতকৈ প্ৰায় ৯০ শতাংশ কম হ’ব বৰষুণ। প্ৰভাৱ পৰিব বহুক্ষেত্ৰত।

২০২৬ বৰ্ষটো ভাৰতৰ বাবে এক লক্ষ্যণীয় বৰ্ষ হিচাপে পৰিগণিত হ’ব। বিগত ১১ বছৰৰ ভিতৰত আটাইতকৈ দুৰ্বল দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে ভাৰতত (Weakest Monsoon in 11 Years)। সম্প্ৰতি দেশৰ ভিন্নপ্ৰান্তত অব্যাহত আছে তীব্ৰ গৰমৰ প্ৰকোপ(India Heatwave 2026)। ফলত কৃষি, খাদ্য সুৰক্ষা, পানীৰ যোগান আৰু অৰ্থনীতি এই চাৰিওক্ষেত্ৰতে উদ্বেগ বৃদ্ধি পাইছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, এইবাৰ সমগ্ৰ দেশত পূৰ্বৰ তুলনাত প্ৰায় ৯০ শতাংশ বৰষুণ হ’ব পাৰে। যদি এই পূৰ্বানুমান সঁচা হয়, তেন্তে ২০১৫ চনৰ পিছত এইবাৰেই আটাইতকৈ কম বৰষুণৰ অভিলেখ হ’ব।
বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি প্ৰশান্ত মহাসাগৰৰ পানীৰ তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা এল নিনো(El Nio in India) পৰিঘটনাই ভাৰতৰ মৌচুমী বতাহত নেতিবাচক প্ৰভাৱ পেলাইছে। সাধাৰণতে এল নিনো পৰিঘটনা সংঘটিত হ’লে স্বাভাৱিকতকৈ কম হয় বৰষুণ।
বৰষুণৰ অভাৱৰ মাজতে দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছতকৈও বৃদ্ধি পাইছে। বিশেষকৈ কৃষক, নিৰ্মাণ শ্ৰমিক, পদপথৰ ব্যৱসায়ীসকলে বাহিৰত কাম কৰা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে(Weak Monsoon Impact)।
এনে পৰিস্থিতিত লক্ষ্যণীয় হ’ব জুলাই মাহ। বিশেষজ্ঞসকলৰ মতে জুলাই মাহৰ বৰষুণ এইবাৰৰ কৃষিখণ্ডৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব। যদি জুলাইত কিছু পৰিমাণে বৰষুণ হয়, তেন্তে কৃষকৰ ক্ষতি কিছু পৰিমাণে কম হ’ব পাৰে। কিন্তু এল নিনোৰ প্ৰভাৱ অব্যাহত থাকিলে কম বৰষুণ, প্ৰচণ্ড গৰম, খাদ্য সংকট আৰু মূল্যবৃদ্ধিৰ দৰে সমস্যাই দেশজুৰি অধিক ভয়ংকৰ ৰূপ ল’ব পাৰে(Heatwave Alert India)।
