অসমদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ভয়ংকৰ দুৰ্ঘটনা! মহাৰাষ্ট্ৰৰ বুলধানাত যাত্ৰী কঢ়িয়াই নিয়া চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ২৫ গৰাকীকৈ যাত্ৰী

ভয়ংকৰ দুৰ্ঘটনা! মহাৰাষ্ট্ৰৰ বুলধানাত যাত্ৰী কঢ়িয়াই নিয়া চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ ২৫ গৰাকীকৈ যাত্ৰী

মহাৰাষ্ট্ৰৰ বুলধানাত শোকাৱহ ঘটনা। নিশা ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বাছ। যাত্ৰী কঢ়িয়াই নিয়া চলন্ত বাছত জুই লাগি অগ্নিদগ্ধ হৈ পৰে ‘সমৃদ্ধি এক্সপ্ৰেছ’ নামৰ এখন বাছ। যাৰ ফলত ২৫ গৰাকীকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুুক আকোৱালি ল’ব লগীয়া হৈছে।

তথ্য অনুসৰি, নাগপুৰৰ পৰা পুনেলৈ গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। বাছখনত আছিল ৩৩জনকৈ যাত্ৰী। ইয়াৰে    দুৰ্ঘটনাৰ সময়ত শুই থকা ২৫ যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এক্সপ্ৰেছ হাইৱেৰ ডিভাইডাৰত খুন্দা মাৰ বাছখনে। যাৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যুু মুখত পৰে ২৫ গৰাকীকৈ যাত্ৰী। তাৰে ভিতৰত আছিল ৩ টা শিশু।

ইপিনে, নিহতৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা মহাৰাষ্ট্ৰৰ চৰকাৰৰ। নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.