Socialআন্তঃৰাষ্ট্ৰীয়বিশ্বৰাজনৈতিক
Trending

আমেৰিকা-ইৰাণৰ শান্তিচুক্তিক লৈ ইৰাণত তীব্ৰ বিক্ষোভ

আগবাঢ়িছে শান্তিচুক্তিৰ দিশে। ইৰাণে মানি নলয় সকলো চুক্তি, ইজৰাইলো নাচোৰবান্দা। কোনো কাৰনত ইৰাণক লবলৈ নিদিয়ে পাৰমাণবিক অস্ত্ৰ। তাৰ মাজতে শান্তিচুক্তিৰ বিৰুদ্ধে ইৰাণত প্ৰতিবাদ।

আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি আৰু শান্তি চুক্তিৰ ঘোষণা হোৱাৰ পিছতেই ইৰাণত সৃষ্টি হৈছে নতুন ৰাজনৈতিক অস্থিৰতা । দেশখনৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে প্ৰতিবাদ, য’ত বহু লোকে বিৰোধিতা কৰিছে চৰকাৰৰ শান্তিচুক্তিৰ সিদ্ধান্তৰ (Protest in Iran)। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্তাপন কৰিছে যে কৰিছে যে এই চুক্তিয়ে ইৰাণৰ স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰিব পাৰে (USIran Peace Deal)।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু( Benjamin Netanyahu)ৱে স্পষ্ট কৰি দিছে যে ইজৰাইলে কেতিয়াও ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ নিদিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমাৰ দেশখনক ধ্বংসৰ পৰা কোনোমতে ৰক্ষা কৰিছোঁ আৰু প্ৰয়োজন হ’লে ভৱিষ্যতেও যিকোনো ব্যৱস্থা গ্ৰহণ কৰিম।” একে সময়তে প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে(Donald Trump) গাজা, লেবানন আৰু ছিৰিয়াত প্ৰয়োজন অনুসৰি ইজৰাইলী সেনাৰ মোতায়ন হৈ থাকিব বুলিও জানিবলৈ দিয়ে(Israel Iran Conflict)।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকা-ইৰাণ শান্তিচুক্তিৰ আনুষ্ঠানিক স্বাক্ষৰ এই সপ্তাহতে ছুইজাৰলেণ্ডত অনুষ্ঠিত হ’ব (Peace Talks in Switzerland )। চুক্তিৰ পূৰ্ণ নথি-পত্ৰ স্বাক্ষৰৰ পিছত ৰাজহুৱা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে জনায় যে হৰমুজ প্ৰণালী( Strait of Hormuz) অতি সোনকালে সম্পূৰ্ণৰূপে মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, ট্ৰাম্পে স্পষ্ট কৰিছে যে ইৰাণৰ অৱৰুদ্ধ সম্পত্তি এতিয়াও মুক্ত কৰা হোৱা নাই আৰু তাৎক্ষণিকভাৱে নিষেধাজ্ঞা উঠাই দিয়াৰো কোনো সিদ্ধান্ত লোৱা নাই।

বিশেষজ্ঞসকলৰ মতে, সম্ভাব্য শান্তিচুক্তিয়ে মধ্যপ্ৰাচ্যত যুদ্ধৰ আশংকা সাময়িকভাৱে হ্ৰাস কৰিলেও ইৰাণৰ আভ্যন্তৰীণ অসন্তোষ আৰু ইজৰাইলৰ কঠোৰ স্থিতিয়ে অঞ্চলটোৰ পৰিস্থিতিক স্পৰ্শকাতৰ কৰি ৰাখিছে অথবা ৰাখিব । অৱশ্যে বিশ্ববজাৰত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে, বিশেষকৈ খাৰুৱা তেলৰ দাম কিছু হ্ৰাস পোৱাৰ সম্ভাৱনাৰ বাবে( Global Oil Prices)।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.