অসম

গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমানসেৱা, নিচেই কম মূল্যতে যাত্ৰীয়ে পাব টিকট…

বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, লগতে সাধাৰণ যাত্ৰীৰ সুবিধা হোৱাকৈ হ্ৰাস কৰা হৈছে টিকটৰ মূল্য। প্ৰতি টিকটত ৩হাজাৰ টকা পৰিশোধ কৰি যাত্ৰীয়ে ল'ব পাৰিব টিকট

বৰাক উপত্যকাত প্ৰচণ্ড শিলাবৃষ্টি, বানপানী, ভূমিস্খলন। বান পৰিস্থিতিৰ বাবে বৰাক উপত্যকাত আৱদ্ধ হৈ আছে শ শ লোক। প্ৰকৃতিৰ ধ্বংসলীলাৰ বাবে শিলচৰ-গুৱাহাটীৰ মাজত বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা। শিলচৰ-গুৱাহাটী সংযোগী ৰে’লপথৰ ক্ষতি সাধন হোৱাৰ বাবে ব্যাহত যাতায়াত।

 

সেয়েহে যাত্ৰীসকলৰ সুবিধাৰ বাবে অসম পৰ্যটন বিভাগৰ বিশেষ সিদ্ধান্ত। শিলচৰ-গুৱাহাটীৰ মাজত মুকলি কৰা হৈছে জৰুৰীকালীন বিমান সেৱা। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, লগতে সাধাৰণ যাত্ৰীৰ সুবিধা হোৱাকৈ হ্ৰাস কৰা হৈছে টিকটৰ মূল্য। প্ৰতি টিকটত ৩হাজাৰ টকা পৰিশোধ কৰি যাত্ৰীয়ে ল’ব পাৰিব টিকট।

 

টিকট লাভ কৰিবলৈ দিয়া হৈছে দুটা যোগাযোগৰ নম্বৰ: 81359-02973 আৰু 86380-23921। UPI বা GOOGLE PAYৰ জৰিয়তে 81359-02973 নম্বৰত যাত্ৰীসকলে পৰিশোধ কৰিব পাৰিব ধন।

গুৱাহাটী-শিলচৰৰ মাজত জৰুৰীকালীন বিমানসেৱা, নিচেই কম মূল্যতে যাত্ৰীয়ে পাব টিকট...

 

উল্লেখ্য যে, কাইলৈৰ পৰা প্ৰতিদিনে গুৱাহাটীৰ পৰা শিলচৰলৈ বিয়লি ৫ বজাত আৰু শিলচৰৰ পৰা গুৱাহাটীলৈ সন্ধিয়া ৬ বাজি ২০ মিনিটত উৰা মাৰিব বিমান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + two =

Check Also
Close
Back to top button