অসমৰাজনৈতিক

দল বিৰোধী মন্তব্য কৰি কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হ’ল নীলমণি সেন ডেকা…

লগতে, শীঘ্রেই কংগ্রেছৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰিছিল ভূপেন বৰাই।

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই বহিষ্কাৰ কৰা হয় প্ৰাক্তন মন্ত্ৰীগৰাকীক। বুধবাৰে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক।

 

উল্লেখ্য যে, এদিন পূৰ্বে নীলমণি সেন ডেকাক উভতি ধৰিছিল APCCৰ সভাপতি ভূপেন বৰাই। নীলমণি সেন ডেকাই কৰা এক মন্তব্যক লৈ সৰৱ হৈ পৰা ভূপেন বৰাই কংগ্ৰেছ দলৰ ক্ষতি কৰা মন্তব্য কৰিলে জ্যেষ্ঠ-কনিষ্ঠ সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও পূৰ্বে মন্তব্য কৰিছিল।

 

লগতে, শীঘ্রেই কংগ্রেছৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰিছিল ভূপেন বৰাই। ভূপেন বৰাৰ মন্তব্যৰ পিছতেই নীলমণি সেন ডেকাৰ বহিষ্কাৰে স্বাভাৱিকতে কংগ্ৰেছ দলত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.