Socialঅসম

সন্ধানহীন ছ’হাম শ্বপীৰ স্বত্বাধিকাৰী সন্দীপ জালান

ইভিনিং ৱাকলৈ গৈ সন্ধানহীন হ'ল সন্দীপ জালান

গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সন্ধানহীন হৈ আছে। মঙলবাৰে সন্ধিয়াৰে পৰা নিখোজ ছ’হাম শ্বপীৰ স্বত্বাধিকাৰী সন্দীপ জালান।

মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইভিনিং ৱাকৰ বাবে ওলাই গৈছিল সন্দীপ জালান। ইভিনিং ৱাকলৈ যোৱাৰ পৰাই এই পৰ্যন্ত সন্ধান নাই সন্দীপ জালানৰ।

শেহতীয়া তথ্যত জানিব পৰা মতে চাইকেল চলাই এখন হোটেললৈ আহিছিল সন্দীপ জালান।সেই সময়ত তেওঁ যথেষ্ট মানসিক চাপত আছিল। হোটেলৰ পৰা ওলাই তেওঁ পুনৰ ছ’হাম শ্বপীলৈ গৈ এটা বেগত কাপোৰ ভৰাই ওলাই আহিছিল

ম’বাইল ট্ৰেক অনুসৰি তেওঁৰ শেষ অৱস্থিতি ছয়গাঁৱত পোৱা গৈছে। কিন্তু এতিয়াও তেওঁৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো তথ্য প্ৰকাশ নকৰাত ঘটনা অধিক ৰহস্যজনক হৈ পৰিছে। ইতিমধ্যে ব্যৱসায়ী জনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.