অপৰাধবলিউডবোলছবিভাৰতমুম্বাই

পুনৰ বলিউদত ড্ৰাগছ কেলেংকাৰী! এইবাৰ ড্ৰাগছৰ গোচৰত আটক শক্তি কাপুৰৰ পুত্ৰ সিদ্ধান্ত কাপুৰ

শ্বাহৰুখ তনয় আৰিয়ানৰ ড্ৰাগছ কেলেংকাৰীক লৈ দেশজোৰা প্ৰতিক্ৰিয়াৰ পিছত পুনৰ সংঘটিত হৈছে একেধৰণৰ ঘটনা

শ্বাহৰুখ তনয় আৰিয়ানৰ ড্ৰাগছ কেলেংকাৰীক লৈ দেশজোৰা প্ৰতিক্ৰিয়াৰ পিছত পুনৰ সংঘটিত হৈছে একেধৰণৰ ঘটনা।
ড্ৰাগছ গোচৰৰ পৰা আৰিয়ানক দোষমুক্ত হোৱাৰ পাছত এই ঘটনা পুনৰাবৃত্তি নহ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ড্ৰাগছ কেলেংকাৰীয়ে পুনৰ বলিউডত আঘাত হানিছে। এইবাৰ ড্ৰাগছ কেলেংকাৰীয়ে জোকাৰি গৈছে শক্তি কাপুৰৰ পুত্ৰ আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ডাঙৰ ভাতৃ সিদ্ধান্ত কাপুৰক।

দেওবাৰে বেংগালুৰুৰ এখন বিলাসী হোটেলত অনুষ্ঠিত এক ৰেভ পাৰ্টিৰ সময়ত আৰক্ষীয়ে আটক কৰে সিদ্ধান্তক। আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বাস্থ্য পৰীক্ষাৰ সময়ত সিদ্ধান্তৰ শৰীৰত ড্ৰাগছৰ উপস্থিতি উদ্ধাৰ কৰা হৈছিল।

দেওবাৰে নিশা পাৰ্ক হোটেলৰ পাবত চলি আছিল ড্ৰাগছ পাৰ্টি। সেই পাৰ্টিত সিদ্ধান্ত কাপুৰক ডিজে হিচাপে অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। বেংগালুৰুৰ উলছুৰ থানাই পাৰ্টিত অবাধ ড্ৰাগছৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি তাতে এক জৰুৰী অভিযান চলায়। অভিযানত আৰক্ষীয়ে শক্তি কাপুৰৰ পুত্ৰ আৰু শ্ৰদ্ধা কাপুৰৰ ভাতৃ সিদ্ধান্তৰ লগতে দলটোৰ আন ৩৫ জন লোকক আটক কৰে। আৰক্ষীৰ মতে, ধৃত আটাইকেইজনৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে ভিতৰত সিদ্ধান্তসহ ৬ জন লোকৰ তেজত ড্ৰাগছ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০২০ চনত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত এনচিবিয়েও ড্ৰাগছ কেলেংকাৰীৰ সন্দৰ্ভত শ্ৰদ্ধা কাপুৰক সোধা-পোছা কৰিছিল। অৱশ্যে তেওঁ কেতিয়াও ড্ৰাগছ সেৱন কৰা নাছিল বুলি কয় যদিও কেইবাবাৰো জেৰা কৰাৰ পিছতে শ্ৰদ্ধাক এই গোচৰৰ পৰা ৰেহাই দিয়া হৈছিল।

ইফালে, শ্ৰদ্ধা আৰু পিতৃৰ পদাংক অনুসৰণ কৰি অভিনয় জগততো প্ৰৱেশ কৰিছে সিদ্ধান্ত কাপুৰে। তেওঁ শেহতীয়াকৈ ‘ভৌকাল’ত অভিনয় কৰা দেখা গৈছিল। ইয়াৰ উপৰিও তেওঁ ‘শ্বুটাউট এট ৱাডালা’, ‘ওগালি’, ‘হাছিনা পাৰ্কাৰ’, ‘ছেহৰে’ আদি ছবিত অভিনয় কৰিছিল। বহুকেইখন ছবিত সহকাৰী পৰিচালক হিচাপেও কাম কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 1 =

Back to top button