অসমখেল

মুখ্যমন্ত্ৰীৰ নাম লৈ আৱাসীক ধমক সাংবাদিকৰঃ লিফটেৰে চাইকেল নিয়াত চাইক্লিষ্টক বাধা আৰোপ

চাইক্লিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লোৱা অসমৰ এগৰাকী উদীয়মান কিশোৰ খেলুৱৈয়ে অতি কষ্টেৰে কৰিব লগীয়া হৈছে খেলৰ অনুশীলন

খেলুৱৈ পুত্ৰৰ ক্ৰীড়া জীৱনক লৈ শংকিত এগৰাকী মাতৃ। পুত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হ’ল এগৰাকী মাতৃ।

চাইক্লিঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশ লোৱা অসমৰ এগৰাকী উদীয়মান কিশোৰ খেলুৱৈয়ে অতি কষ্টেৰে কৰিব লগীয়া হৈছে খেলৰ অনুশীলন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক দখল কৰি বক্সাৰ লাভলীনা বৰগোঁহায়ে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে এতিয়া অনুশীলনৰ অসুবিধাত পৰিছে অসমৰে এজন কিশোৰ খেলুৱৈ। অনুশীলনৰ সময়তে উৎসাহ আৰু সহযোগিতাৰ পৰা বঞ্চিত এইজন খেলুৱৈ।

চাইক্লিং কৰি ভালপোৱা সপ্তম শ্ৰেণীত পঢ়া খেলুৱৈজনক হাৰাশাস্তি কৰিছে ‘Protech Pearl’ নামৰ এপাৰ্টমেণ্টৰ ছ’চাইটীৰ বিষয়ববীয়া সকলে।

Protech Pearl Apartment
Protech Pearl Apartment

চাইক্লিঙৰ চৰ্চা কৰা কিশোৰজনক ছ’চাইটীৰ মানুহে লিফটেৰে নিজৰ ৰুমলৈ নিদিয়ে চাইকেলখন। যাৰবাবে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈজনে সদায় চিৰি বগাই গধুৰ চাইকেলখন দাঙি পঞ্চম মহলালৈকে নিবলগীয়া হৈছে।

তিনি লাখ টকীয়া চাইকেলখনৰ দায়িত্ব ল’ব নিবিচাৰে ছ’চাইটীৰ কৰ্তৃপক্ষই। যাৰবাবে এতিয়া অসহায় হৈ পৰিছে খেলুৱৈজনৰ মাতৃ। মাতৃ শংকিত-চিৰি বগাই পঞ্চম মহলালৈকে চাইকেলখন অনা নিয়া কৰোঁতে আঘাতপ্ৰাপ্ত হ’ব পুত্ৰ। যিয়ে ভৱিষ্যতে পুত্ৰৰ চাইক্লিং কেৰিয়াৰৰ হেঙাৰ হৈ ৰ’ব। সেয়েহে উপায়ন্তৰ হৈ পৰা মাতৃয়ে এই ঘটনাক লৈ দিছপুৰ থানাত ছ’চাইটীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। পুত্ৰৰ ভৱিষ্যত লৈ শংকিত হৈ পৰা মাতৃ ডলী পাঠকে ওচৰ চাপিছে আৰক্ষীৰ। আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে চাইক্লিষ্টজনৰ মাতৃয়ে।

অৱশ্যে পৰৱৰ্তী সময়ত ‘Protech Pearl’ এপাৰ্টমেন্টৰ ছ’চাইটীৰ বিষয়ববীয়াসকলে এই বিষয়টোৰ ওপৰত কিদৰে গুৰুত্ব আৰোপ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 9 =

Back to top button