অসমছিংগাপুৰশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত সকলোকে শাস্তি দিয়াৰ দাবী পত্নীৰ

সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে নিজৰ ক্ষোভ

১৯ ছেপ্তেম্বৰ ২০২৫ত ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পীগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত ৪জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষী তথা চি আই ডিয়ে। তেওঁলোক হৈছে নৰ্থ- ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মূল আয়োজক তথা উদ্যোগী শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শিল্পী শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত

যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া কৰ্ম সম্পন্ন কৰি আহি থকাৰ অৱস্থাতে পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হয় সীতাজখলাত। তাত তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছতে তেওঁ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ কথা ব্যক্ত কৰে। শিল্পীগৰাকীৰ পত্নী গৰিমাই অশ্ৰুসিক্ত নয়নেৰে কাতৰ আহ্বান জনাই কয়- “জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হ’বই লাগিব। আইনৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে।” পত্নী গৰিমাই আৰু কয়- “কল্পনা কৰাতকৈও ৰাইজে বহুত মৰম দিছে জুবিনক।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.