Socialঅপৰাধঅসম

ৰাজহুৱা স্থানতে দাৰে ঘঁপিয়াই যুৱতীক আক্ৰমণ যুৱকৰ

ধেমাজি নগৰৰ ৰাজ্যিক বাছ আস্থানৰ সন্মুখতে ধেমাজি মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰীক মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘঁপিয়াই গুৰুতৰভাৱে আহত কৰে

কিমান নিষ্ঠুৰ, কিমান নিকৃষ্ট মানসিকতাৰ হ’লে কোনো লোকে সংঘটিত কৰিব পাৰে নৃশংস ঘটনা? দাৰে ঘঁপিয়াই যুৱতীক আক্ৰমণ যুৱকৰ।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধেমাজীত। ধেমাজি নগৰৰ ৰাজ্যিক বাছ আস্থানৰ সন্মুখতে ধেমাজি মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকী ছাত্ৰীক মহাবিদ্যালয়ৰে কৰ্মচাৰী ৰিণ্টু শৰ্মাই দাৰে ঘঁপিয়াই গুৰুতৰভাৱে আহত কৰে।
আহত ছাত্ৰীকেইগৰাকী ক্ৰমে নন্দিতা শইকীয়া আৰু কস্মিনা দত্ত। মৰিধল মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ বিয়েৰাৰ হিচাপে কৰ্মৰত ৰিণ্টু শৰ্মাই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত ধেমাজি আৰক্ষীয়ে খেদি খেদি আটক কৰে ধৃত ৰিন্টুক৷

দুয়োগৰাকী ছাত্ৰীক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷

কেৱল ছাত্ৰীকেইগৰাকীক আক্ৰমণ কৰাই নহয়, নিজৰ ডিঙিতো দাৰে ঘঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল যুৱকজনে।

অৱশ্যে, এতিয়ালৈকে জানিব পৰা হোৱা নাই এই অপৰাধমূলক কাণ্ডৰ প্ৰকৃত কাৰণ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে কঠোৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.