Socialঅপৰাধভাৰত

মাতৃৰ উত্তৰ আছিল -‘হয়’, তাৰপিছতে জন্নত লাভৰ বাবে জীয়ৰীৰ আত্মহত্যা!

মহৰমৰ দিনাই এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে

মাতৃৰ এটা উত্তৰ আৰু কিছুসময়ৰ পিছতে কন্যাৰ আত্মহত্যাৰ ঘটনা। মহৰমৰ দিনাই এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। আত্মহত্যাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে মাকক সুধিছিল – “আজিৰ দিনটোতে ইমাম হুছেইন আজিৰ দিনটোতে মৃত্যু হৈছিল নেকি ? আজিৰ দিনটোত মৃত্যু হোৱা সকলোৱে স্বৰ্গ লাভ কৰিছে নেকি ?”

এই প্ৰশ্নৰ বিপৰীতে মাতৃৰ উত্তৰ আছিল -“হয়।”

ইয়াৰ কিছুসময়ৰ পিছতেই কন্যাগৰাকীয়ে আত্মহত্যা কৰে। এই ঘটনা সংঘটিত হৈছে ৰাৱজী বজাৰৰ চম্পা বাগস্থিত হাথীপালাত। আত্মহত্যা কৰা ছোৱালীজনীৰ নাম ৰাৱিয়া। পৰিয়ালৰ সৈতে মহৰমৰ দিনটোত আবেলি বহি থকা অৱস্থাতে মাতৃক সুধিছিল উক্ত প্ৰশ্ন। তাৰ পিছতেই সকলোৰে অজ্ঞাতে শিক্ষাৰ্থীগৰাকীয়ে আত্মহত্যা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.