আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

খোজ কাঢ়ি ৱৰ্ল্ড চেম্পিয়নশ্বিপ জয়, ভাৰতৰ হৈ ৰূপ আজুৰিলে কিশোৰে

"ইমান দূৰত্ব অতিক্ৰম কৰোতে মোৰ উশাহ লোৱাত যথেষ্ট অসুবিধা হৈছিল। এইটো মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল"

ৱৰ্ল্ড এথলেটিকছ ইউ২০ চেম্পিয়নশ্বিপত সফলতা ভাৰতৰ কিশোৰৰ। ১০,০০০ মিটাৰ পুৰুষৰ খোজ কঢ়া প্ৰতিযোগিতাত ৰূপ জয় কৰে অমিত খাত্ৰীয়ে।

শনিবাৰে, নাইৰোবীত অনুস্থিত হোৱা ২০ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত খোজ কঢ়া প্ৰতিযোগিতাত অংশ লৈ ৪২ মিনিট ১৭.৯৪ চেকেণ্ডত শেষ কৰে অমিতে।

১৭ বছৰীয়া অমিতে U-20ৰ নেশ্যনেল ৰেক’ৰ্ড ভংগ কৰি চলিত বৰ্ষৰ প্ৰথম ভাগত এক নতুন ৰেক’ৰ্ড গঢ়িছিল। 18th National Federation Cupৰ ১০ কিমি খোজ কঢ়া প্ৰতিযোগিতা, মাত্ৰ ৪০ মিনিট ৪০.৯৭ ছেকেণ্ডত সমাপ্ত কৰিছিল খেলুৱৈজনে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰূপ বিজয়ী খেলুৱৈজনে কয় যে, “ইমান দূৰত্ব অতিক্ৰম কৰোতে মোৰ উশাহ লোৱাত যথেষ্ট অসুবিধা হৈছিল। এইটো মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল, য’ত মই ভাৰতৰ হৈ ৰূপৰ পদক জয় কৰি আনিলো। ৰূপৰ পদকৰ সৈতে মই সুখী, অন্ততঃ ভাৰতৰ আশা মই পূৰ্ম কৰিব পাৰিলো”।

উল্লেখ্য যে, খোজ কঢ়া প্ৰতিযোগিতাত ভাৰতৰ এয়া প্ৰথমটো পদক জয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.