আফগানিস্তান

পুনৰ আত্মঘাতী বোমাৰুৰ আক্ৰমণ, নামাজ পঢ়ি থাকোতেই মৃত্যুক সাৱটিলে ৩৩ জন লোকে…

উল্লেখ্য যে, আফগানিস্তানৰ কুন্দুজ চহৰৰ এটা মস্কোত কিছুদিন পূৰ্বে সংঘটিত হৈছিল এনে এক বিস্ফোৰণ। ISIS_Kৰ আত্মঘাতী বোমাৰুৰ বিস্ফোৰণৰ ফলত মৃত্যুক সাৱটি লৈছিল প্ৰায় ৫০ জন লোকে। সেই ঘটনাৰ পিছত আফগানিস্তানত এয়া হৈছে দ্বিতীয়টো বোমা বিস্ফোৰণ।

অশান্ত আফগানিস্তানত পুনৰ অঘটন। আফগানিস্তানৰ কান্দাহাৰত শুকুৰবাৰে সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণ।

দুপৰীয়া নামাজ পঢ়াৰ সময়তে সংঘটিত হয় এই ঘটনা। দক্ষিণ আফগানিস্তানৰ কান্দাহাৰৰ এটা চিয়া মস্কোত  আক্ৰমণ কৰে আত্মঘাতী বোমাৰুয়ে। এই বিস্ফোৰণৰ ফলত মৃত্যুক সাৱটি লয় ৩৩জন লোকে। বিস্ফাৰণত আহত হয় প্ৰায় ৭৪জন লোক।

শুকুৰবাৰে, আফগানিস্তানৰ বিবি ফাতিমা মস্কোত তিনিটা আত্মঘাতী বোমাৰুৱে আক্ৰমণ কৰে। যাৰফলত ততালিকে মৃত্যুক সাৱটি লয় ৩৩জন লোকে।

উল্লেখ্য যে, আফগানিস্তানৰ কুন্দুজ চহৰৰ এটা মস্কোত কিছুদিন পূৰ্বে সংঘটিত হৈছিল এনে এক বিস্ফোৰণ। ISIS_Kৰ আত্মঘাতী বোমাৰুৰ বিস্ফোৰণৰ ফলত মৃত্যুক সাৱটি লৈছিল প্ৰায় ৫০ জন লোকে। সেই ঘটনাৰ পিছত আফগানিস্তানত মস্কোত সংঘটিত হোৱা এয়া হৈছে দ্বিতীয়টো বোমা বিস্ফোৰণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.