হৰমূজ প্ৰণালীত ৩ খন জাহাজত ইৰাণৰ গু*লীবৰ্ষণ
বুধবাৰে হৰমূজ প্ৰণালীত দুখন জাহাজ জব্দ কৰে ইৰাণৰ ইছলামিক ৰিভলিউছনেৰেী গার্ড বাহিনীয়ে । ইৰাণে জব্দ কৰা দুই জাহাজৰ মাজত আছে এখন লাইবেৰিয়াৰ পৰা খাৰুৱা তেল কঢ়িয়াই অনা তৈল টেংকাৰ ।

আকৌ হৰমূজ প্ৰণালীত ইৰাণৰ নৌ-সেনাৰ টাৰ্গেট হৈ পৰিল ভাৰত অভিমুখী জাহাজ । বুধবাৰে হৰমূজ প্ৰণালীত দুখন জাহাজ জব্দ কৰে ইৰাণৰ ইছলামিক ৰিভলিউছনেৰেী গার্ড বাহিনীয়ে । ইৰাণে জব্দ কৰা দুই জাহাজৰ মাজত আছে এখন লাইবেৰিয়াৰ পৰা খাৰুৱা তেল কঢ়িয়াই অনা তৈল টেংকাৰ । ভাৰতৰ গুজৰাট অভিমুখে আহি আছিল এই জাহাজখন । এই জাহাজখন ইৰাণে অৱৰোধ কৰি আটক কৰে । জাহাজখনৰ ইঞ্জিন বিকল কৰি দখল কৰা বুলি অভিযোগ কৰিছে জাহাজখনৰ নাবিকে ।
ভাৰত অভিমুখী জাহাজখন জব্দ কৰা বুলি এটা বিবৃতিও দিছে ইৰাণৰ সেনা বাহিনীয়ে । বিবৃতিটোত উল্লেখ কৰা হৈছে যে পানামাৰ এম এ ছি ফ্রান্সেছকা আৰু লাইবেৰিয়াৰ এপামিনোডেছ নামৰ দুই জাহাজ আই আৰ জি ছি-ৰ দখলত আছে । দুই জাহাজ ইৰাণলৈ লৈ যোৱা হৈছে । সমুদ্র জাহাজৰ গতিবিধি ওপৰত নজনৰ ৰখা সংস্থাৰ মতে লাইবেৰিয়াৰ এপামিনোডেছ জাহাজখন গুজৰাটৰ মুন্দ্রা বন্দৰ অভিমুখে আহি আছিল । ইৰাণৰ নৌবাহিনীয়ে দাবী কৰিছে যে, এই জাহাজ দুখনৰ নাছিল কোনো পাৰ পত্ৰ ।
কোন অগতীয়া সতর্কবার্তা প্ৰেৰণ নকৰাকৈ ওমানৰ পৰা প্রায় ১৫ নটিকেল মাইল উত্তৰ-পূবত পণ্যবাহী জাহাজখনৰ ওচৰলৈ আই আৰ জি ছি ৰ দল এটাই গানবোট চলাই আহি মেশিনগানেৰে গুলী*বৰ্ষণ কৰে । এই গুলীবৰ্ষণত জাহাজখনৰ নিয়ন্ত্রণকক্ষ ক্ষতিগ্রস্ত হয়। এই ঘটনাৰ অলপ পাছতেই আন এখন পণ্যবাহী জাহাজক আক্ৰমণ কৰে ইৰাণৰ নৌ-সেনাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ যুদ্ধ বিৰতি ঘোষণাৰ পাছতো ইৰাণৰ এই আগ্ৰাসন তাতপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । এতিয়া প্ৰশ্ন উঠিছে ট্ৰাম্পৰ যুদ্ধ বিৰতি নাকচ কৰিছে নেকি ইৰাণে?
ইপিনে হৰমূজ প্ৰণালী সম্পূৰ্ণৰূপে মাৰ্কিন নৌবাহিনীৰ নিয়ন্ত্ৰণত বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে ।হৰমুজত মাইন সংস্থাপনত জড়িত ইৰাণী জাহাজক দেখা মাত্ৰকে গুলীওৱা হ’ব । ইতিমধ্যে মাৰ্কিন মাইন উতখাতকাৰী জাহাজে হৰমুজক মাইনমুক্ত কৰাৰ অভিযান চলাই আছে । অৱশ্যে এইয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ইৰাণে দুখন ভাৰতীয় জাহাজ আক্ৰমণ কৰিছিল । মুঠতে আমেৰিকাই অনিৰ্দিষ্ট কাললৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰাৰ পাছতো হৰমূজ প্ৰণালীৰ উত্তেজনা হ্ৰাস পোৱা নাই । আমেৰিকাই ইৰাণৰ বন্দৰ অৱৰোধ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত ইৰাণে আমেৰিকাৰ শান্তি প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নিদিয়ে । উল্লেখ্য যে, পাকিস্তানৰ অনুৰোধত যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে আমেৰিকাই ।