আফগানিস্তানদৈনিক বাতৰি

পুনৰ বোমা বিস্ফোৰণে কঁপাইছে আফগানিস্তান…

বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই

আফগানিস্তানত পুনৰ সংঘটিত বোমা বিস্ফোৰণ। আফগানিস্তানৰ পূব নানগড়হাৰ প্ৰদেশত সংঘটিত তিনিটা বিস্ফোৰণ। শনিবাৰে হোৱা বিস্ফোৰণত মৃত্যুক সাৱটি লয় তিনিজন লোকে। লগতে আঘাতপ্ৰাপ্ত হয় ২১ জন লোক, আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ ভিতৰত আছে মহিলা-শিশুৰ লগতে তালিবান আৰক্ষী। তালিবান আৰক্ষীক লক্ষ্য কৰিয়েই নিক্ষেপ কৰা হৈছিল বোমা।

জালালাবাদ চহৰৰ এখন হাস্পতাললৈ ততাতৈয়াকৈ লৈ যোৱা হয় আহত লোকসকলক। কিন্তু গুৰুতৰ আঘাতৰ বাবে মৃত্যুক সাৱটি লয় তিনিজনে। হাস্পতাল কৰ্তৃপক্ষৰ তথ্য অনুসৰি ভুক্তভোগীসকলৰ তিনিজনহে মাত্ৰ দেশৰ সাধাৰণ নাগৰিক। আন সকলোৱেই হৈছে তালিবানী।

তালিবানে কাবুল দখল কৰাৰ পিছত নানগড়হাৰ প্ৰদেশত এয়াই হৈছে প্ৰথম বোমা বিস্ফোৰণ। অৱশ্যে এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.